Assameseভূপেন বৰালৈ নতুন প্ৰত্যাহ্বান! এইবাৰ ভূপেন বৰা বিৰোধী শ্ল’গান বিজেপী কৰ্মীৰবিজেপিত যোগদানৰ পূৰ্বেই বিজেপি কৰ্মীৰ ৰোষত ভূপেন বৰা। ভূপেন বৰাক গ্ৰহণ কৰিবলৈ সাজু নহয় বিহপুৰীয়া বিজেপিৰ তৃণমূল কৰ্মী। সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিত নাৰায়ণপুৰত বিজেপি কৰ্মীৰ শ্ল’গান। শ্ল’গানত ক্ষোভিত ৰঞ্জিত দত্তই বিজেপি কৰ্মীলৈ ল’লে চোঁচা। Mrinmoy Talukdar Feb 21, 2026 17:32 ISTFile Photoভূপেন বৰালৈ নতুন প্ৰত্যাহ্বান! এইবাৰ ভূপেন বৰা বিৰোধী শ্ল’গান বিজেপী কৰ্মীৰ Advertismentবিজেপিত যোগদানৰ পূৰ্বেই বিজেপি কৰ্মীৰ ৰোষত ভূপেন বৰা। ভূপেন বৰাক গ্ৰহণ কৰিবলৈ সাজু নহয় বিহপুৰীয়া বিজেপিৰ তৃণমূল কৰ্মী। সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিত নাৰায়ণপুৰত বিজেপি কৰ্মীৰ শ্ল’গান। শ্ল’গানত ক্ষোভিত ৰঞ্জিত দত্তই বিজেপি কৰ্মীলৈ ল’লে চোঁচা। Read More- কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে, অসন্তুষ্ট অখিল গগৈ!২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। ইতিমধ্যেই কালি কইনাধৰাত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিছে সদ্য কংগ্ৰেছত্যাগী নেতা গৰাকীয়ে। অমিত শ্বাহক সাক্ষাতৰ পাছতেই বিজেপি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ ভূপেন বৰা। আকৌ খবৰ অনুসৰি কালিয়েই আগন্তুক নিৰ্বাচনৰ বাবে সমষ্টি চূড়ান্ত হৈছে ভূপেন বৰাৰ। আগন্তুক নিৰ্বাচনত বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীৰ।Read More- কেৱল নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতি কৰিছিল ভূপেন বৰাই, সৰৱ মীৰা বৰঠাকুৰকিন্তু দুদিন আগলৈকে কংগ্ৰেছত থাকি বিজেপিক গালি দিয়া ভূপেন বৰাক লৈ অসন্তুষ্ঠ বিজেপিৰ তৃণমূল কৰ্মী। স্পষ্টকৈ ক'ব বিচাৰিলে ভূপেন বৰাক বিজেপিলৈ আদৰিবলৈ বিজেপিৰ তৃণমূল কৰ্মীসকল সাজু নহয়। কাৰণ দীৰ্ঘদিন ধৰি সমষ্টিটোত বিজেপিৰ অন্যান্য প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে কাম কৰি আহিছে। গতিকে কংগ্ৰেছৰ পৰা পেৰাচ্যুত লেণ্ডিং কৰি বিজেপিৰ টিকট লৈ বিহপূৰীয়াত নিৰ্বাচন খেলিবলৈ মন মেলা ভূপেন বৰাক সহজভাৱে লোৱা নাই বিজেপিৰ তৃণমূল কৰ্মীয়ে। Read More- 'বিজেপি এতিয়া ৰাজনৈতিক দল নহয়, ব্যক্তিগত কোম্পানীহে' -ৰাজেন গোঁহাইভূপেন বৰাক যে বিহপুৰীয়াৰ বিজেপি কৰ্মীয়ে গ্ৰহণ নকৰে তাৰ স্পষ্ট ছবিখন আজি আকৌ এবাৰ দেখা গ'ল। আজি সাংসদ ৰঞ্জিত দত্তৰ উপস্থিতিতেই নাৰায়ণপুৰত দেখা গ'ল বিজেপি কৰ্মীৰ ভূপেন বৰা বিৰোধী শ্ল’গান। ৰঞ্জিত দত্তই সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ লওঁতেই বিজেপি কৰ্মীৰ দাবী- বিহপুৰীয়াৰ বায়ুপানীৰে সম্পৰ্ক থকা ব্যক্তিকহে বিজেপিয়ে টিকট দিয়ক। বিজেপি কৰ্মীৰ এই শ্ল’গানত ক্ষোভিত হৈ বিজেপি কৰ্মীলৈ চোঁচা ল’লে সাংসদ গৰাকীয়ে। Read More- 'বিৰোধীৰ মাজত মিত্ৰতাৰ অত্যন্ত প্ৰয়োজন', অখিল-লুৰীণৰ ক্ষোভৰ মাজতেই গৌৰৱ গগৈৰ বিশেষ পোষ্টৰঞ্জিত দত্তৰ সম্মুখতেই যে বিজেপি কৰ্মীয়ে শ্ল’গান দিছে এয়া প্ৰথম নহয়। বিহপুৰীয়াত আজি ৰাজহুৱা সভা পাতি বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক সকীয়নি তৃণমূল কৰ্মীৰ। প্ৰয়োজনত বিকল্প পথ অৱলম্বনৰ হুংকাৰ দি বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তা সকলৰ মন্তব্য- বিহপুৰীয়া সমষ্টিটোত দুবাৰকৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ভূপেন বৰা। কিন্তু, দুয়োবাৰেই ভূপেন বৰাই পৰাজয়ৰ মুখ দেখিছে। গতিকে বহিৰাগত, সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী ভূপেন বৰাক গ্ৰহণ নকৰাৰ হুংকাৰ বিহপুৰীয়া বিজেপিৰ তৃণমূল কৰ্মীৰ।AdvertismentAdvertisment Read the Next Article