Advertisment

ছাকিৰা আহিব

বিশ্ববিখ্যাত পপ তাৰকা ছাকিৰা পুনৰ ভাৰতলৈ আহিব। প্ৰায় ১৯ বছৰৰ এক দীঘলীয়া বিৰতিৰ অন্তত ভাৰতত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে ছাকিৰা। চলিত বৰ্ষৰ এপ্ৰিল মাহত ছাকিৰাই মুম্বাই আৰু দিল্লীত দুটাকৈ বিশাল কনচাৰ্টত অংশগ্ৰহণ কৰিব।

 ছাকিৰা আহিব Photograph: (DY365)
ছাকিৰা আহিব Photograph: (DY365)

ছাকিৰা আহিব


সুৰৰ মায়াজালত মায়াময় হৈ পৰিব দিল্লী, মুম্বাই

বিশ্ববিখ্যাত পপ তাৰকা ছাকিৰা পুনৰ ভাৰতলৈ আহিব। প্ৰায় ১৯ বছৰৰ এক দীঘলীয়া বিৰতিৰ অন্তত ভাৰতত অনুষ্ঠান পৰিৱেশন কৰিবলৈ সাজু হৈছে ছাকিৰা। চলিত বৰ্ষৰ এপ্ৰিল মাহত ছাকিৰাই মুম্বাই আৰু দিল্লীত দুটাকৈ বিশাল কনচাৰ্টত অংশগ্ৰহণ কৰিব। 

Advertisment

সুৰৰ মায়াজালত মায়াময় হৈ পৰিব মুম্বাই আৰু দিল্লী। প্ৰায় ১৯ বছৰৰ এক দীঘলীয়া বিৰতিৰ অন্তত কলম্বিয়াৰ পপ তাৰকা ছাকিৰা আহিব ভাৰতলৈ। ২০০৭ চনৰ পাছত ভাৰতীয় অনুৰাগীসকলৰ বাবে এইটো এটা সুখবৰ। গ্ৰেমী বিজয়ী আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ অধিকাৰী ছাকিৰাই মুম্বাই আৰু দিল্লীত সংগীতৰ মায়াজালেৰে মোহাছন্ন কৰিব অগণন অনুৰাগীক। 

চলিত বৰ্ষৰ ১০ এপ্ৰিলত মুম্বাইৰ মহালক্ষ্মী ৰেচকোৰ্চত ছাকিৰাই প্ৰথমটো অনুষ্ঠান পৰিবেশন কৰিব। ইয়াৰ পাছতে ১৫ এপ্ৰিলত দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত দ্বিতীয়টো কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰিব ছাকিৰাই। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত নিজৰ প্ৰিয় তাৰকাগৰাকীক লাইভ চাবলৈ অনুৰাগীসকলৰ মাজত এতিয়াৰে পৰা যথেষ্ট উৎসুকতা দেখিবলৈ পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী আগশাৰীৰ শিল্পীৰ এনে আগমনে বিশ্বৰ সংগীত মানচিত্ৰত ভাৰতৰ গুৰুত্বও বৃদ্ধি কৰিছে।  

ছাকিৰাৰ অনুষ্ঠান উপভোগৰ বাবে টিকটসমূহ জিলা এপ আৰু ৱেবছাইটৰ জৰিয়তে ক্ৰয় কৰিব পৰিব অনুৰাগীসকলে। এইচ এছ বি চি ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে ২৭ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ বিশেষ আগতীয়া বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। আনহাতে সাধাৰণ দৰ্শকৰ বাবে ১ মাৰ্চৰ দিনৰ ১ বজাৰ পৰা টিকট মুকলি কৰি দিয়া হ’ব।

ছাকিৰাৰ এই অনুষ্ঠান তেওঁৰ বিশ্ব ভ্ৰমণৰ অংশ হোৱাৰ লগতে ফিডিং ইণ্ডিয়া নামৰ এক সামাজিক পদক্ষেপৰ সৈতেও জড়িত। ইয়াৰ জৰিয়তে সংগীতৰ আনন্দৰ লগতে শিশুৰ পুষ্টিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত জনসজাগতা সৃষ্টিৰ লক্ষ্য। 

Advertisment
Advertisment