Assameseতিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ‘তিক্ততা, মান-অপমান যি আছিল আজিৰে পৰা আমি পাহৰি গ’লোঁ। ভাৰতীয় জনতা পাৰ্টীত এটা নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিম আমি।’ বিজেপিত যোগদান কৰা ভূপেন বৰাক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।Mrinmoy Talukdar Feb 22, 2026 19:29 ISTতিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ‘তিক্ততা, মান-অপমান যি আছিল আজিৰে পৰা আমি পাহৰি গ’লোঁ। ভাৰতীয় জনতা পাৰ্টীত এটা নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিম আমি।’ বিজেপিত যোগদান কৰা ভূপেন বৰাক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।AdvertismentRead More- জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰআনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰিলে ভূপেন বৰাই। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বাজপেয়ী ভৱনত গেৰুৱা হ'ল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী। বিজেপিত যোগদান কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ ভূপেন বৰাই ক'লে- ‘মই দুৰ্যোধনৰ সংগ ত্যাগ কৰিলো। কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে।’ যিদিনাই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হ’ব তাৰ পিছতেই ৰাজীৱ ভৱনৰ আৰু বহু স্বাভিমানী অসমীয়া বাজপেয়ী ভৱনলৈ আহিব। স্বাভিমানী অসমীয়া ৰাজীৱ ভৱনৰ পৰা বাজপেয়ী ভৱনলৈ অহাত মই শৰাইঘাটৰ দলঙৰ দৰে হ’ম।Read More- গেৰুৱা হ’ল ভূপেন বৰাআনহাতে আজি গেৰুৱা বসন পৰিধান কৰা ভূপেন বৰাক শুভেচ্ছা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বৰাক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে ক'লে- 'ভূপেন বৰাক আমি ভাৰতীয় জনতা পাৰ্টীলৈ আদৰণি জনাইছো। আজিৰে পৰা ভূপেন বৰাৰ কংগ্ৰেছী পৰিচয় নোহোৱা হ'ল। আজিৰে পৰা ভূপেন বৰাই বিজেপিৰ এজন কাৰ্যকৰ্তা হিচাপে, এজন গৌৰৱী অসমীয়া হিচাপে অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ কাম কৰিব। মই ভূপেন বৰাক নতুন ৰাজনৈতিক জীৱনৰ শুভেচ্ছা জনাইছো। ভূপেন বৰাই কংগ্ৰেছ এৰি আহিছে। গতিকে তিক্ততা বহুত থাকিব। যিহেতু আমি কংগ্ৰেছ এৰি আহিলো সেয়ে আজিৰে পৰা তিক্ততা, মান-অপমান যি আছিল আমি সকলো পাহৰি গ’লোঁ'। AdvertismentRead More- ভূপেন বৰালৈ নতুন প্ৰত্যাহ্বান! এইবাৰ ভূপেন বৰা বিৰোধী শ্ল’গান বিজেপী কৰ্মীৰলগতে মুখ্যমন্ত্ৰীয়ে ক'লে- 'আমি ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়াল সদায় ভূপেন বৰাৰ সৈতে আছো। ভূপেন বৰা আজিৰে পৰা আমাৰ পৰিয়ালৰ সদস্য। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ পৰা ভূপেন বৰাই মৰম,সন্মান আৰু আত্মীয়তা সকলো আজিৰে পৰা পাব'। Read More AdvertismentAdvertisment Read the Next Article