"'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰAdvertisment জুবিনক্ষেত্ৰলৈ আহি অসন্তুষ্ট হৈছে অনুৰাগী। ডিব্ৰুগড়, লখিমপুৰৰ পৰা অহা বিভিন্ন ব্যক্তিয়ে জুবিনক্ষেত্ৰৰ দুৰাৱস্থা দেখি উজাৰিছে ক্ষোভ। অনুৰাগীয়ে ক'লে, 'আমাৰ ল'ৰাটোক এনেকে ৰখা বাবে আমি বৰ কষ্ট পাইছো'। 'বতাহ বৰষুণ আহিলেই ইয়াত আহুকালৰ সৃষ্টি হ'ব'। Read More- ভূপেন বৰালৈ নতুন প্ৰত্যাহ্বান! এইবাৰ ভূপেন বৰা বিৰোধী শ্ল"গান বিজেপী কৰ্মীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৫টা মাহ অতিক্ৰম কৰিলে ৰাজ্য়বাসীয়ে। জুবিন গাৰ্গৰ সৈতে ১৯ ফেব্ৰুৱাৰীত কি হৈছিল, কিয় আমি জুবিন গাৰ্গৰ দৰে এটা সত্বাক অকালতে হেৰুৱাব লগীয়া হ'ল এই উত্তৰবোৰৰ বাবে ৰৈ আছে প্ৰতিজন অসমীয়া। যিমানেই দিন বাগৰিছে সিমানেই প্ৰতিজন অসমীয়াৰ মনলৈ এটা প্ৰশ্ন আহিছে- ন্যায় পাবনে জুবিন গাৰ্গে? যদি জুবিন গাৰ্গে ন্যায় পায় তেনেহলে কেতিয়া?Advertisment Read More- তিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গক জানো অসমীয়াই কেতিয়াবা পাহৰিব পাৰিব? প্ৰতিদিনেই জুবিন ক্ষেত্ৰলৈ সোঁত বৈছে অজস্ৰ অনুৰাগীৰ। প্ৰাণৰ শিল্পী গৰাকীক যেন অকলে এৰিব বিচৰা নাই অনুৰাগীয়ে। কিন্তু ইয়াৰ মাজতেই জুবিন ক্ষেত্ৰৰ পৰা অহা কিছু খবৰে ব্যথিত কৰে অনুৰাগীক। সৌ সিদিনা জুবিন ক্ষেত্ৰৰ কদৰ্যময় পৰিৱেশক লৈ ক্ষোভিত হৈ পৰিছিল প্ৰতিজন অনুৰাগী। তাৰ পাছতেই জুবিন ক্ষেত্ৰৰ কদৰ্যময় পৰিৱেশক লৈ তাৎক্ষণিক ব্যৱস্থা লৈছিল ৰাজ্য চৰকাৰেও। Read More- জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰAdvertisment এইপৰ্যন্ত জুবিন ক্ষেত্ৰ নিৰ্মানক লৈ চৰকাৰৰ ফালৰ পৰা দেখা নাই কোনো তৎপৰতা। তাৰ মাজতেই আজি পুনৰ জুবিন ক্ষেত্ৰলৈ আহি অনুৰাগীয়ে উজাৰিছে ক্ষোভ। ডিব্ৰুগড়, লখিমপুৰৰ পৰা অহা বিভিন্ন ব্যক্তিয়ে জুবিনক্ষেত্ৰৰ দুৰাৱস্থা দেখি ক্ষোভ উজাৰি ক'লে- 'জুবিন গাৰ্গ কেৱল অসমৰেই নহয়, সমগ্ৰ বিশ্বই এতিয়া জুবিন গাৰ্গক চিনি পায়। পৃথিৱীত আৰু কেতিয়াও দ্বিতীয়জন জুবিন গাৰ্গৰ জন্ম নহয়। গতিকে পৃথিৱীৰ ভিতৰতেই জাকক-জিলিকাকৈ চৰকাৰে নিৰ্মান কৰক জুবিন ক্ষেত্ৰ।"