Advertisment

আঁকোৰগোজ অখিল-গৌৰৱ! অখিলৰ প্ৰশ্ন- কংগ্ৰেছক কোনে ভোট দিব?

বিৰোধী ঐক্যত অনিশ্চয়তা। ৰাইজৰ দলক বাদ দি একপ্ৰকাৰ মিত্ৰতা চূড়ান্ত কৰিলে কংগ্ৰেছে!ক্ষোভ উজাৰি অখিল গগৈয়ে ক'লে- 'কংগ্ৰেছৰ এয়া আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহয়, এয়া অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা'। 

 আঁকোৰগোজ অখিল-গৌৰৱ! অখিলৰ প্ৰশ্ন- কংগ্ৰেছক কোনে ভোট দিব?

আঁকোৰগোজ অখিল-গৌৰৱ! অখিলৰ প্ৰশ্ন- কংগ্ৰেছক কোনে ভোট দিব?

বিৰোধী ঐক্যত অনিশ্চয়তা। ৰাইজৰ দলক বাদ দি একপ্ৰকাৰ মিত্ৰতা চূড়ান্ত কৰিলে কংগ্ৰেছে!ক্ষোভ উজাৰি অখিল গগৈয়ে ক'লে- 'কংগ্ৰেছৰ এয়া আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহয়, এয়া অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা'। 

Advertisment

Read More- 'অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, নকৰে' - মুখ্যমন্ত্ৰী

যিকোনো মূহূৰ্তত ভংগ হ'ব পাৰে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা। আসন বুজাবুজিক লৈ ঐক্যমতত উপনীত হ'ব পৰা দুয়োটা দল। অৰ্থাত আসন বুজাবুজিক লৈ আঁকোৰগোজ কংগ্ৰেছ- ৰাইজৰ দল। এফালে কংগ্ৰেছে আসন দিবলৈ সাজু নহয় আনফালে ৰাইজৰ দলেও বিচৰা আসন এৰিবলৈ এৰিবলৈ সাজু নহয়। যাৰ বাবে এতিয়া অনিশ্চয়তাত বিজেপি বিৰোধী ঐক্য মঞ্চ। 

Read More- 'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰ

বিজেপি বিৰোধী ঐক্যমঞ্চক লৈ চলি থকা এই খবৰবোৰৰ মাজতেই অখিল গগৈৰ সংবাদমেল। সংবাদমেলক বিৰোধী ঐক্যৰ ভিতৰুৱা কেইবাটাও খবৰ ৰাজহুৱা কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। অখিল গগৈৰ মতে- 'কংগ্ৰেছ দলৰ এগৰাকী নেতাই কালি অখিল গগৈক ফোন কৰি কৈছিল যে, ২৪ তাৰিখে আমি ৰাইজৰ দলক বাদ দি বিৰোধী ঐক্য়মঞ্চৰ প্ৰাৰ্থী ঘোষণা কৰিম। লগতে দেওবাৰে বিৰোধী ঐক্যমঞ্চৰ এগৰাকী নেতায়ো ফোনযোগে অখিল গগৈক জনাইছিল যে, কংগ্ৰেছৰ ফালৰ পৰা ২৪ তাৰিখে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ঘোষণা কৰিবলৈ তেখেতসকলক আমন্ত্ৰণ জনাইছে। লগতে নেতাগৰাকীয়ে এইটোও কৈছিল যে- ৰাইজৰ দলৰ লগত আসনৰ বুজাবুজি নহ'ব, গতিকে ৰাইজৰ দলৰ লগত বিৰোধী ঐক্যমঞ্চৰ মিত্ৰতা নহয়'। 

Read More- 'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰ

Advertisment

অখিল গগৈৰ মন্তব্য- 'তেতিয়া মই বিৰোধী ঐক্যমঞ্চৰ নেতাজনক কৈছিলো, এইটো কেনেকুৱা কথা। আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। কিন্তু তাৰ পাছতো কংগ্ৰেছে আমাৰ লগত যদি বিশ্বাসঘাতকতা কৰে সেয়া কেৱল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহয়, এয়া অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। কাৰণ সকলোৱে জানে কংগ্ৰেছে আমাক এৰি নিৰ্বাচন খেলিলে উজনি অসমৰ এটাও সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা নাই। কংগ্ৰেছে যদি আমাৰ বিশ্বাসঘাতকতা কৰে তেনেহলে আমিও কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচন খেলিব লাগিব। গতিকে আমি কংগ্ৰেছৰ বিৰুদ্ধে প্ৰাৰ্থী দিলে কংগ্ৰেছে  জানো জয়ী হ'ব পাৰিব? অৰ্থাত আমাক এৰি নিৰ্বাচন খেলা মানে কংগ্ৰেছে নিজৰ হাতৰ কুঠাৰ নিজৰ ভৰিত মৰা'। 

Read More- তিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

লগতে অখিল গগৈয়ে ক'লে- '২০২১ৰ নিৰ্বাচন আৰু বিগত উপনিৰ্বাচনতো কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে। কিন্তু এইবাৰ কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে অসমৰ ৰাইজে কংগ্ৰেছক সুধাই নেৰিব। মই টোপনি ক্ষতি কৰি, বহু টেনশ্বনত কংগ্ৰেছলৈ ৰৈ আছো। ইতিমধ্যেই আমি বহু ত্যাগ কৰিছো, কিন্তু তাৰ পাছতো যদি কংগ্ৰেছে আমাক বিশ্বাসঘাকতা কৰে, বিৰোধী ঐক্যমঞ্চত ভাঙোন আনে তেনেহলে কংগ্ৰেছক কোনেও ভোট নিদিয়ে।'

Advertisment
Advertisment
Advertisment