Advertisment

শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা জেলত থকাটো আমাৰ সফলতা-মুখ্যমন্ত্ৰী

‘পৰিয়ালৰে আলোচনা কৰি জুবিন গাৰ্গৰ গোচৰৰ শুনানিৰ বাবে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰা হ’ব। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া হ'লেও অভিয়ুক্ত কেইটাই জামিন পোৱা নাই। আজি ৫টা মাহে অভিযুক্তই জেলত থকাটোও আমাৰ ডাঙৰ সফলতা।’  

 File Photo
File Photo

শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা জেলত থকাটো আমাৰ সফলতা- মুখ্যমন্ত্ৰী


প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৫টা মাহ। ১৯ ছেপ্তেম্বৰৰ সেই  অভিশপ্ত দিনটোত আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছিল প্ৰাণৰ শিল্পীগৰাকী। কিন্তু আজিও প্ৰতিগৰাকী অসমীয়া অপেক্ষাৰত সেই অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? যিমানেই দিন বাগৰিছে সিমানেই প্ৰতিজন অসমীয়াৰ মনলৈ এটাই প্ৰশ্ন আহিছে- ন্যায় পাবনে জুবিন গাৰ্গে? যদি জুবিন গাৰ্গে ন্যায় পায় তেনেহলে কেতিয়া?

Advertisment

Read More- 'জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল', কিন্তু এতিয়া...

এই সকলোবোৰৰ মাজতেই প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া হোৱা বুলি বিৰোধীয়ে অভিযোগ আনিছিল। শীঘ্ৰেই জুবিন গাৰ্গৰ গোচৰৰ শুনানি বাবে ফাষ্টট্ৰেক আদালত গঠন কৰিবলৈ বিৰোধীয়ে দাবী কৰিছিল। জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীয়েও ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছিল।

Read More- জুবিনক্ষেত্ৰত সুৰাপায়ীৰ উদ্ভণ্ডালি! গ্ৰেপ্তাৰ আলম আলী, মুকুট দাস, ৰঞ্জিত দাস

Advertisment

তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া, ‘পৰিয়ালৰে আলোচনা কৰি জুবিন গাৰ্গৰ গোচৰৰ শুনানিৰ বাবে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰা হ’ব। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া হ'লেও অভিয়ুক্ত কেইটাই জামিন পোৱা নাই।  আজি ৫টা মাহে অভিযুক্তই জেলত থকাটোও আমাৰ ডাঙৰ সফলতা।’  

Read More- 'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰ

লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য, বৰ্তমানৰ ন্যায়াধীশজনে এতিয়ালৈকে আটাইকেইজন অভিযুক্তৰে জামিন আৱেদন নাকচ কৰিছে। যাৰ বাবে এইপৰ্যন্ত এজনো অভিযুক্তক জামিন পোৱা নাই। মই ফাষ্টট্ৰেক আদালতত ব্যৱস্থা কৰিম, কিন্তু ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰাৰ পাছত যদি অভিযুক্ত কেইজনে জামিন পাই যায় তেতিয়া কিন্তু দোষটো মোক নিদিব। আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো লেহেমীয়া হ'লেও অভিয়ুক্ত কেইটাই আজিলৈকে জামিন পোৱা নাই। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহতে ৪-৫ মাহ ধৰি জেলতেই আছে। এইটো আমাৰ বাবে ডাঙৰ সফলতা নহয় জানো?

Advertisment

Read More- 'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰ

লগতে মুখ্যমন্ত্ৰীয়ে ক'লে-  নিৰ্বাচনৰ পাছতেই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহতে জেলৰ পৰা ওলাব বুলি বিৰোধীয়ে কৈ আহিছে। কিন্তু নিৰ্বাচনৰ পাছতো যদি এই অভিযুক্তসকল জেলৰ পৰা নোলায় তেতিয়া? বিৰোধীৰ নেতাসকলৰ জুবিন গাৰ্গৰ প্ৰতি কোনো মৰম নাই। কেৱল ৰাজনীতি কৰাটোৱেই তেওঁলোকৰ উদ্দেশ্য। যদি তেওঁলোকে জানেই যে অভিযুক্তসকলে নিৰ্বাচনৰ পাছত মুকলি আকাশৰ তললৈ আহিব তেনেহলে তেওঁলোকে ভাল উকিলৰ ব্যৱস্থা কৰি নিদিয়ে কিয়?

Advertisment
Advertisment