Assameseগৌৰৱ গগৈৰ বাসগৃহ ঘেৰাও কংগ্ৰেছ কৰ্মীৰগৌৰৱ গগৈৰ বেলতলাস্থিত বাসগৃহ ঘেৰাও। নিশা শতাধিক কংগ্ৰেছ কৰ্মীয়ে ঘেৰাও কৰে গৌৰৱ গগৈৰ বাসগৃহ। দলগাঁও সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিব বুলি হোৱা প্ৰচাৰৰ পাছতেই ক্ষুণ্ণ দলগাঁৱৰ কংগ্ৰেছ কৰ্মীৰ হুংকাৰ- প্ৰয়োজনত বন্ধুত্বমূলক প্ৰতিযোগিতা কৰক। Mrinmoy Talukdar Feb 25, 2026 11:57 ISTFile Photoগৌৰৱ গগৈৰ বাসগৃহ ঘেৰাও কংগ্ৰেছ কৰ্মীৰগৌৰৱ গগৈৰ বেলতলাস্থিত বাসগৃহ ঘেৰাও। নিশা শতাধিক কংগ্ৰেছ কৰ্মীয়ে ঘেৰাও কৰে গৌৰৱ গগৈৰ বাসগৃহ। দলগাঁও সমষ্টি কংগ্ৰেছে ৰাইজৰ দলক এৰি দিব বুলি হোৱা প্ৰচাৰৰ পাছতেই ক্ষুণ্ণ দলগাঁৱৰ কংগ্ৰেছ কৰ্মীৰ হুংকাৰ- প্ৰয়োজনত বন্ধুত্বমূলক প্ৰতিযোগিতা কৰক। AdvertismentRead More- আঁকোৰগোজ অখিল-গৌৰৱ! অখিলৰ প্ৰশ্ন- কংগ্ৰেছক কোনে ভোট দিব?দলগাঁৱ সমষ্টিক লৈ এতিয়া কংগ্ৰেছ-ৰাইজৰ দলৰ মাজত টনা-আঁজোৰা। কোনোপধ্যে দলগাঁৱ সমষ্টি অন্য দলৰ প্ৰাৰ্থীক এৰি নিদিয়ে দলগাঁৱৰ কংগ্ৰেছ কৰ্মীয়ে। মঙলবাৰে দলগাঁৱ সমষ্টিটো কংগ্ৰেছে ৰাইজৰ দলক এৰি দিব বুলি বাতৰি প্ৰকাশ হৈছিল। তাৰ পাছতেই নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাসগৃহত কংগ্ৰেছ কৰ্মীৰ ভিৰ। ক্ষুব্ধ কংগ্ৰেছ কৰ্মীৰ দাবী- আমি দলগাঁৱ সমষ্টি অন্য দলক এৰি নিদিও, প্ৰয়োজনত আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা কৰিম।Read More- তিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰলগতে কংগ্ৰেছ কৰ্মীৰ দাবী- ৰাইজৰ দলৰ সৈতে আমাৰ মিত্ৰতা হৈছে ইয়াত কোনো আপত্তি নাই। কিন্তু দলগাঁৱ সমষ্টিত আমাক কংগ্ৰেছী প্ৰাৰ্থী লাগে। দলে কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে আমাৰ কব লগীয়া নাই। কিন্তু প্ৰাৰ্থীজন কংগ্ৰেছী হ'ব লাগিব। কাৰণ দলগাঁৱ সমষ্টিটো হৈছে কংগ্ৰেছৰ দুৰ্গ। সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱা বাবে আমি শংকিত হৈছিলো। যাৰ বাবে আমি আজি গৌৰৱ গগৈৰ বাসগৃহলৈ আহিছো। কিন্তু আমাৰ নেতৃত্বই আমাক আশ্বাস দিছে যে- দলগাঁৱ সমষ্টিত কংগ্ৰেছৰ প্ৰতীকত প্ৰাৰ্থী থাকিব।AdvertismentRead More- ভূপেন বৰালৈ নতুন প্ৰত্যাহ্বান! এইবাৰ ভূপেন বৰা বিৰোধী শ্ল’গান বিজেপী কৰ্মীৰAdvertismentAdvertisment Read the Next Article