Advertisment

আচৰিত! মুছলমান বাবেই মহিলাৰ পৰা কম্বল কাঢ়ি নিলে বিজেপি নেতাই

নৰেন্দ্ৰ মোদীক গালি-গালাজ পাৰিলে নাপায় উপহাৰ! বিতৰ্কৰ মাজত বিজেপিৰ এগৰাকী প্ৰাক্তন সাংসদ। মুছলমান হোৱা বাবেই এগৰাকী মহিলাৰ পৰা উপহাৰ দিয়া কম্বল কাঢ়ি নিলে বিজেপি নেতা সুখবীৰ সিং জৌনাপুৰীয়াই। এটা ভাইৰেল ভিডিঅ'ক লৈ দেশজুৰি চৰ্চা। 

Read More- তিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

আচৰিত!বিজেপিৰ প্ৰাক্তন সাংসদ সুখবীৰ সিং জৌনাপুৰীয়াৰ এটা ভাইৰেল ভিডিঅ'। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ'টোক লৈ এতিয়া দেশৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জানিব পৰা মতে, বিজেপিৰ প্ৰাক্তন সাংসদ গৰাকীয়ে আৰ্তজনৰ মাজত কম্বল বিতৰণ কৰিছিল। ঠিক  তেনে সময়তেই এগৰাকী মহিলাই সুখবীৰ সিং জৌনাপুৰীয়াৰ ওচৰলৈ কম্বল নিবলৈ আহিছিল। আৰু কম্বল বিতৰণ কৰোতে প্ৰাক্তন সাংসদ গৰাকীয়ে মহিলা গৰাকীৰ নাম সুধিছিল। আৰু মহিলাগৰাকী আছিল মুছলমান সম্প্ৰদায়ৰ। তাৰ পাছতেই মহিলাগৰাকীয়ে নিজৰ নাম কোৱাৰ লগে লগেই প্ৰাক্তন সাংসদগৰাকীয়ে মহিলা গৰাকীৰ পৰা কম্বলখন কাঢ়ি নি মহিলাগৰাকীক ক'লে- 'মোদীক গালি-গালাজ পৰা সকলে কম্বল লোৱাৰ অধিকাৰ নাই'। এই ঘটনাৰ পাছতেই তাত উপস্থিত থকা কিছু লোকে সাংসদগৰাকীৰ এই কামৰ বিৰোধিতা কৰিছিল। কিন্তু সুখবীৰ সিং জৌনাপুৰীয়াৰ স্পষ্ট মন্তব্য, "এয়া মোৰ ব্যক্তিগত অনুষ্ঠান, মই যাক দিব বিচাৰো তেওঁলোককহে দিম।"

Read More- 'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰ

Advertisment

ৰাজস্থানৰ টংক লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সুখবীৰ সিঙৰ এই কাণ্ডৰ পাছতেই কংগ্ৰেছৰ নেতা সকলে নিশা গাঁওখনত উপস্থিত হৈ মুছলমান মহিলা সকলক সম্বৰ্ধনা জনায় আৰু মহিলা সকলৰ মাজক কম্বল বিতৰণ কৰে। আনহাতে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটে ভাইৰেল ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি প্ৰাক্তন সাংসদ সুখবীৰ সিং জৌনপুৰীয়াই মুছলমান মহিলাক অপমান কৰা বুলিও অভিযোগ উত্থাপন কৰে।

Read More- 'অসমীয়াই আত্মসমৰ্পণ কৰা নাছিল, নকৰে' - মুখ্যমন্ত্ৰী

Advertisment
Advertisment