Advertisment

প্ৰথমে পিতৃ-পুত্ৰৰ প্ৰচণ্ড কাজিয়া, তাৰ পাছতেই পিতৃক গুলীয়াই..., ভয়ংকৰ হত্যাকাণ্ডক লৈ দেশজুৰি চাঞ্চল্য

সন্তান ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজৰ সন্তানক  প্ৰস্তুতি চলাবলৈ কোৱাটোৱেই কাল হ'ল পিতৃৰ। প্ৰথমে পিতৃ- পুত্ৰৰ প্ৰচণ্ড কাজিয়া, তাৰ পাছতেই পিতৃক গুলীয়াই হত্যা।

 File Photo
File Photo

প্ৰথমে পিতৃ-পুত্ৰৰ প্ৰচণ্ড কাজিয়া, তাৰ পাছতেই পিতৃক গুলীয়াই..., ভয়ংকৰ হত্যাকাণ্ডক লৈ দেশজুৰি চাঞ্চল্য

Advertisment


সন্তান ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে? প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজৰ সন্তানক  প্ৰস্তুতি চলাবলৈ কোৱাটোৱেই কাল হ'ল পিতৃৰ। প্ৰথমে পিতৃ- পুত্ৰৰ প্ৰচণ্ড কাজিয়া, তাৰ পাছতেই পিতৃক গুলীয়াই হত্যা। এই ভয়ংকৰ হত্যাকাণ্ডক লৈ দেশজুৰি চাঞ্চল্য। 

Read More- 'হিন্দু মানুহ কংগ্ৰেছত নাথাকে'! 'কংগ্ৰেছত থকা ১০ জন মানুহৰ ৮ জনেই মিঞা'

ভয়ংকৰ, শোকাৱহ! এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ। নিষ্ঠুৰ সন্তানে প্ৰথমে গুলীয়াই হত্যা কৰিলে পিতৃক। তাৰ পাছতেই টুকুৰা-টুকুৰকৈ কাটিলে মৃতদেহটো। কিন্তু কিহৰ বাবে সংঘটিত হ'ল এই হত্যাকাণ্ড?

Advertisment

Read More- 'ভূমি পট্টাই নহয়, চৰকাৰী ঘৰো দিম', বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

জানিব পৰা মতে, মানৱেন্দ্ৰ সিঙ নামৰ ব্যক্তিজনে নিজৰ পুত্ৰক NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ হেঁচা দিছিল। এই বিষয়টোক লৈ যোৱা ২০ ফেব্ৰুৱাৰীত পিতৃ-পুত্ৰৰ মাজত প্ৰচণ্ড কাজিয়া লাগিছিল। আৰু ক্ষোভৰ জুইত পুত্ৰই ৰাইফলেৰে পিতৃক গুলীয়াই হত্যা কৰে। উল্লেখ্য যে পিতৃক হত্যা কৰাৰ পাছতেই হত্যাকাৰী পুত্ৰই মৃতদেহটো এটা কোঠাত আৱদ্ধ কৰি ৰাখিছিল। পুত্ৰই পৰিকল্পনা কৰিছিল যে মৃতদেহটো গাড়ীত ভৰাই গোমতি নদীত পেলাই দিব কিন্তু মৃতদেহটো গধুৰ হৈ পৰা বাবে এই কামত সফল নহ'ল। ইয়াৰ পিছত হত্যাকাৰী পুত্ৰই পিতৃৰ মৃহদেহটো দাৰে কাটি টুকুৰা টুকুৰ কৰিলে। আৰু এটা নীলা ৰঙৰ ড্ৰামত ভৰাই থলে মৃতদেহটো।

Read More- 'জুবিনক্ষেত্ৰত সুৰাপায়ীৰ উদ্ভণ্ডালি! গ্ৰেপ্তাৰ আলম আলী, মুকুট দাস, ৰঞ্জিত দাস

তাৰ পাছতেই পুত্ৰই এখন নাটক ৰচনা কৰিছিল। আৰু পিতৃ নিৰুদ্দেশ হোৱা বুলি লক্ষ্ণৌৰ আছিয়ানা থানাত এজাহাৰ দাখিল কৰিছিল। সমগ্ৰ ঘটনাটোৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পাছতেই হত্যাকাৰী পুত্ৰক আৰক্ষীয়ে সোধা-পোছা কৰিছিল। আৰু তাৰ পাছতেই আৰক্ষীৰ জেৰাত মুখ খুলিছিল হত্যাকাৰী পুত্ৰই। পিতৃক হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰাৰ পাছতেই হত্যাকাৰী পুত্ৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Advertisment
Advertisment
Advertisment