Advertisment

'ভূমি পট্টাই নহয়, চৰকাৰী ঘৰো দিম', বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ চাহ শ্ৰমিক সকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই চাহ শ্ৰমিক সকলে ভূমি পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ। চাহ শ্ৰমিকক সুখবৰ দি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

 File Photo
File Photo

'ভূমি পট্টাই নহয়, চৰকাৰী ঘৰো দিম', বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ চাহ শ্ৰমিক সকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই চাহ শ্ৰমিক সকলে ভূমি পট্টাৰ লগতে লাভ কৰিব চৰকাৰী ঘৰ। চাহ শ্ৰমিকক সুখবৰ দি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

Advertisment

Read More- 'হিন্দু মানুহ কংগ্ৰেছত নাথাকে'! 'কংগ্ৰেছত থকা ১০ জন মানুহৰ ৮ জনেই মিঞা'

চাহ শ্ৰমিকে কেৱল ভূমি পট্টাই নহয় লাভ কৰিব চৰকাৰী ঘৰো। ১৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব চাহ শ্ৰমিকক ভূমি পট্টা দিয়া অভিযান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰথমবাৰলৈ দিয়া হ’ব ভূমি পট্টা।ইতিমধ্যেই ৰাজ্য চৰকাৰৰ প্ৰস্তাৱক কেন্দ্ৰীয় চৰকাৰে গ্ৰীন ছিগনেল দিয়া বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। 

Read More- জুবিনক্ষেত্ৰত সুৰাপায়ীৰ উদ্ভণ্ডালি! গ্ৰেপ্তাৰ আলম আলী, মুকুট দাস, ৰঞ্জিত দাস

Advertisment

সংবাদ মাধ্যমৰ সম্মুখত মুখ্যমন্ত্ৰীৰ মন্তব্য- 'চাহ শ্ৰমিকক ভূমি পট্টা দিয়া অভিযান আমি অহা ১৩ মাৰ্চৰ পৰা আৰম্ভ কৰিম।  কিন্তু চাহ শ্ৰমিক সকলক ভূমি পট্টা দিয়াটোৱেই মোৰ একমাত্ৰ লক্ষ্য নহয়। মোৰ লক্ষ্য হৈছে ভূমি পট্টাৰ লগতে চাহ শ্ৰমিক সকলক একোটাকৈ চৰকাৰী ঘৰ প্ৰদান কৰা। কাৰণ যদি থাকিবলৈ এটা ঘৰেই নাথাকে তেনেহলে মাটি দিয়াৰ কোনো মূল্য নাথাকিব'। 

Read More- 'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰ

লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- 'মই কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক মই অনুৰোধ কৰিছিলো যাতে চাহ শ্ৰমিক সকলক আমি  ভূমি পট্টাৰ লগতে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো দিব পাৰো। ইতিমধ্যেই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মোৰ আহ্বানৰ প্ৰতি সহাৰি জনাইছে। গতিকে আমি এটা সমীক্ষা চলাম। এই সমীক্ষাৰ পাছতেই চাহ শ্ৰমিক সকলক ভূমি পট্টাৰ লগতে একোটাকৈ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিবলৈও আজি কেন্দ্ৰীয় চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। চাহ শ্ৰমিক সকলে যেতিয়া মাটি আৰু ঘৰ দুয়োটাই লাভ কৰিব তেতিয়া আমাৰ বাবে এই ক্ষণটো হ'ব ঐতিহাসিক।

Advertisment
Advertisment
Advertisment