Advertisment

'পৰিস্থিতি কিছু জটিল, দলৰ মানুহখিনিও অসন্তুষ্ট', 'আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব'

অনিশ্চয়তাত ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চ! এইপৰ্যন্ত বিৰোধীৰ মাজত মিলা নাই আসনৰ অংক। এখোজ আগুৱাই দুখোজ পিছুৱাইছে কংগ্ৰেছ-ৰাইজৰ দল। অখিল গগৈৰ মন্তব্য- 'দলৰ মানুহখিনি অসন্তুষ্ট, আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব।

 File Photo
File Photo

'পৰিস্থিতি কিছু জটিল, দলৰ মানুহখিনিও অসন্তুষ্ট', 'আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব'

Advertisment

অনিশ্চয়তাত ৰাজ্যৰ বিৰোধী ঐক্যমঞ্চ! এইপৰ্যন্ত বিৰোধীৰ মাজত মিলা নাই আসনৰ অংক। এখোজ আগুৱাই দুখোজ পিছুৱাইছে কংগ্ৰেছ-ৰাইজৰ দল। অখিল গগৈৰ মন্তব্য- 'দলৰ মানুহখিনি অসন্তুষ্ট, আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব।

Read More- 'বিনামূলীয়া টিকাকৰণ অভিযান', ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰাজ্যৰ বিজেপি বিৰোধী ঐক্যমঞ্চত জটিলতা। আসন বুজাবুজিক লৈ ঐক্যমতত উপনীত হ'ব পৰা নাই দুয়োটা দল। অৰ্থাত আসন বুজাবুজিক লৈ আঁকোৰগোজ কংগ্ৰেছ- ৰাইজৰ দল। এফালে কংগ্ৰেছে আসন দিবলৈ সাজু নহয় আনফালে ৰাইজৰ দলেও বিচৰা আসন এৰিবলৈ এৰিবলৈ সাজু নহয়। যাৰ বাবে এতিয়া অনিশ্চয়তাত বিজেপি বিৰোধী ঐক্য মঞ্চ। 

Advertisment

Read More- গৌৰৱ গগৈৰ বাসগৃহ ঘেৰাও কংগ্ৰেছ কৰ্মীৰ

বিগ ব্ৰাডাৰ কংগ্ৰেছৰ ভূমিকাক লৈ অসন্তুষ্ট ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। অসন্তষ্ট অখিল গগৈয়ে ক'লে- আসনৰ ভাগ-বটোৱাৰাক লৈ কিছু জটিলতা আছে। আশাকৰো কংগ্ৰেছে কথাবোৰ উপলব্ধি কৰিব। কিছুমান বিষয় আলোচনা নকৰাকৈ আমি মিত্ৰতা কৰিলে আমাৰ দলেই ভাগি যাব। কাৰণ আসনক লৈ এতিয়া আমাৰ দলৰ মাজত সাংঘাটিক বিসম্বাদ হৈছে। কাৰণ নিৰ্বাচন খেলিবলৈ ৬৬টা সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে আৱেদন কৰিছিল। কিন্তু তাৰ পাছতো আমি কংগ্ৰেছৰ পৰা মাত্ৰ ১৫খন আসন বিচাৰিছো। দলৰ মজিয়াত মই এতিয়া সাংঘাটিত হেঁচাত আছো। আশাকৰো মোৰ কথাবোৰ কংগ্ৰেছে বুজি পাব। যিহেতু কংগ্ৰেছে বিগত নিৰ্বাচনত ৯৫টা সমষ্টিত নিৰ্বাচন খেলিছিল আৰু এইবাৰ আৰু ৫টা সমষ্টি বঢ়াই ১০০টা সমষ্টিত নিৰ্বাচন খেলিব। সেয়ে আশা কৰিছো আমি বিচৰা ১৫টা সমষ্টি কংগ্ৰেছে আমাৰ আগ্ৰহ আৰু সদিচ্ছাৰে সৈতে এৰি দিব।

Read More- 'জুবিন গাৰ্গে ন্যায় নাপালে ভোট নালাগে বুলি কৈছিল', কিন্তু এতিয়া...

লগতে অখিল গগৈয়ে ক'লে- 'আমাৰ ফালৰ পৰা কংগ্ৰেছক কোৱা কথাকেইটা যদি মীমাংসা হয় তেনেহলে কম্প্ৰমাইজ কৰা হ'ব। এতিয়া আমি ১৫ খন আসনৰ বাবে লাগি আছো। কিন্তু এতিয়ালৈকে আমাৰ একো মীমাংসা হোৱা মাই। কংগ্ৰেছে আমাক কমকৈ আসন দিয়াৰো কথা কোৱা নাই, বেছিকৈ আসন দিয়াৰো কথা কোৱা নাই। সেয়ে মই চাৰিওফালৰ পৰা এতিয়া হেঁচাত আছো। গতিকে এতিয়া পৰিস্থিতি কিছু জটিল'।

Advertisment
Advertisment
Advertisment