Assameseছাত্ৰী নিবাসৰ বাথৰুমত কোনে লগালে গোপন কেমেৰা?গুৱাহাটী মহানগৰীৰ এখন শৈক্ষিক প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা। ছাত্ৰী নিবাসৰ বাথৰুমত উদ্ধাৰ গোপন কেমেৰা। এই ঘটনাৰ পাছতেই প্ৰতিষ্ঠানখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।Estafur Rahman Feb 25, 2026 22:14 ISTPhotograph: (dy365)গুৱাহাটীৰ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰী নিবাসৰ বাথৰুমত গোপন কেমেৰাগুৱাহাটী মহানগৰীৰ এখন শৈক্ষিক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। জালুকবাৰীস্থিত টাটা ছ'চিয়েল ছায়েন্স ইনছটিটিউটৰ ছাত্ৰী নিবাসৰ এটা বাথৰুমত কোনো দুৰ্বৃত্তই লগাইছিল গোপন কেমেৰা। চাবোনৰ পেকেটত দুৰ্বৃত্তই গোপনে সংস্থাপিত কৰিছিল কেমেৰাটো। এই ঘটনাৰ পাছতেই প্ৰতিষ্ঠানখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।Advertismentঘটনাৰ বিৱৰণী মতে, বুধবাৰে পুৱা প্ৰায় ৯ বজাত টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ হোষ্টেলৰ ছাত্ৰীয়ে বাথৰুমৰ ভিতৰত এক গোপন কেমেৰা প্ৰত্যক্ষ কৰে । চাবোনৰ পেকেটত কোনো দুর্বৃত্তই ৰাখিছিল গোপন কেমেৰা। ছাত্ৰী নিবাসৰ ছাত্ৰীয়ে গা-ধুবলৈ গৈ প্ৰত্যক্ষ কৰে সন্দেহজনকভাৱে ৰখা বোনৰ বাকচটো। চাবোনৰ বাকচটো খুলি চোৱাৰ পিছতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় শিক্ষানুষ্ঠানখনত। Also Read...অসমত কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? যোৰহাটত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্যঘটনাৰ পাছতেই কেমেৰাটো উদ্ধাৰ কৰি পৰীক্ষা কৰাত কেমেৰাত ধৰা পৰে বিগত ৫ টা দিনৰ দৃশ্য। পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। কোনে ছাত্ৰী নিবাসৰ বাথৰুমত এইদৰে গোপন কেমেৰা সংস্থাপন কৰিলে? এই প্ৰশ্নই এতিয়া আতংকিত কৰিছে ছাত্ৰীসকলক। উল্লেখ্যে যে, টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সত দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত হৈ আছে। ঘটনাৰ পাছতেই ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ। লগতে ঘটনাৰে জড়িত দুর্বৃত্তক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী শিক্ষাৰ্থীসকলৰ। সমান্তৰালকৈ প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ ওপৰতো ক্ষোভ একাংশ ছাত্ৰ-ছাত্ৰীৰ। AdvertismentAlso Read.....গোচৰ খাৰিজ তথাপি সকীয়নি...! হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত কি ক'লে সৰ্বোচ্চ ন্যয়ালয়ে?উল্লেখ্য যে, ছাত্ৰী নিবাসৰ সন্মুখত প্ৰায়ে সুৰাৰ আড্ডা চলাৰ অভিযোগ একাংশ ছাত্ৰীৰ। উদণ্ড যুৱকে প্ৰতিষ্ঠানখনৰ ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰো অভিযোগ একাংশৰ। কিন্তু ছাত্ৰীৰ নিৰাপত্তাক লৈ চৰম ভাবুকি অহাৰ পিছতো প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই ছাত্ৰী নিবাসত এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। বুধবাৰৰ এই চাঞ্চল্যকৰ ঘটনাৰ পিছত অৱশেষত যেন গা লৰিল প্ৰতিষ্ঠানখনৰ। ছাত্ৰী নিবাসৰ বাথৰুমত গোপন কেমেৰা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই দাখিল কৰিছে এজাহাৰ। AdvertismentAdvertisment Read the Next Article