Advertisment

গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি

দেওবাৰৰ পৰা কাৰ্যক্ষম হ’ল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল। প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে বৰঝাৰৰ নতুন টাৰ্মিনেলটো। স্কাই ফৰেষ্টৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই নতুন টাৰ্মিনেলটো। 

 গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি Photograph: (DY365)
গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি Photograph: (DY365)

চালে চকু ৰোৱা...


গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি

 
কি কি সুবিধা থাকিব নতুন টাৰ্মিনেলটোত?

দেওবাৰৰ পৰা কাৰ্যক্ষম হ’ল গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল। প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে বৰঝাৰৰ নতুন টাৰ্মিনেলটো। স্কাই ফৰেষ্টৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই নতুন টাৰ্মিনেলটো। 

Advertisment

দেওবাৰৰ পৰা মুকলি হ’ল গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল। প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক টাৰ্মিনেলটো। ১.৪০ লাখ বৰ্গমিটাৰ আয়তনৰ টাৰ্মিনেলটোত প্ৰতিফলন ঘটিছে অসমৰ জৈৱ-বৈচিত্ৰ্য আৰু বাৰেবৰণীয়া সাংস্কৃতিৰ। ১৪০ মেট্ৰিক টন থলুৱা বাঁহ ব্যৱহাৰ কৰি আটকধুনীয়াকৈ সজাই তোলা হৈছে নতুন টাৰ্মিনেলটো। ১ লাখ বৃক্ষ ৰোপণৰে সেউজময় কৰি তোলা হৈছে এই অত্যাধুনিক টাৰ্মিনেলটোৰ চৌপাশ।

Also Read: প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান

ঘৰুৱা আৰু আন্তজাৰ্তিক উভয় বিমান সেৱাৰ চলাচল উপলব্ধ হ'ব এই টাৰ্মিনেলটোত। বছৰি ১ কোটি ৩০ লাখ যাত্ৰীৰ আহ-যাহৰ সুবিধা ৰখা হৈছে এই নতুন টাৰ্মিনেলটোত। বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোৰ সৈতে সংগতি ৰাখি বিমানৰ মেৰামতি কৰিব পৰাকৈ Maintenance আৰু Reparingৰ এটা শাখাও সাজু কৰি তোলা হৈছে। এই শাখাটোত বিমানৰ মেৰামতি কৰিব পৰা যাব। ইয়াৰ ফলত নিযুক্তিৰ সম্ভাৱনাও বৃদ্ধি পাব বুলি আশা কৰিব পাৰি। আনহাতে নতুন টাৰ্মিনেলৰ সমুখত দুখন হোটেল নিৰ্মাণ কৰা হ’ব। এই হোটেল দুখনৰ পৰা পোনে পোনে বিমান যাত্ৰীয়ে সা-সামগ্ৰীৰ সৈতে চেক ইন কৰিব পাৰিব। 

Also Read: গেৰুৱা হ’ল ভূপেন বৰা

শনিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিমানবন্দৰেৰে যাত্ৰীৰ আহ-যাহৰ সময়ত বিভিন্ন সা-সুবিধাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। ফেচবুক লাইভৰ জৰিয়তে বিমানবন্দৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছিল হিমন্ত বিশ্ব শৰ্মাই। আধুনিকতা আৰু পৰম্পৰাৰ সামঞ্জস্যৰে নিৰ্মাণ কৰা বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ সকলো দিশ ৰাইজৰ আগত দাঙি ধৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

উল্লেখ্য যে, ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেলটোৰ শুভ উদ্বোধন কৰিছিল। 

Advertisment
Advertisment