Assameseপ্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসানপ্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান। দেওবাৰে পুৱা ৭.৩৫ বজাত ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীণ সাংবাদিকগৰাকীৰ। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে যশস্বী সাংবাদিকগৰাকীৰ। Jyotiprasad Sarma Feb 22, 2026 17:02 ISTপ্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান Photograph: (DY365)প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসানপ্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ দেহাৱসান। দেওবাৰে পুৱা ৭.৩৫ বজাত ৯৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীণ সাংবাদিকগৰাকীৰ।AdvertismentAlso Read: জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰবিশিষ্ট সাংবাদিক-সাহিত্যিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু নাই। দেওবাৰে পুৱা প্ৰায় ৭.৩৫ বজাত শেষ নিশ্বাস ত্যাগ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে যশস্বী সাংবাদিকগৰাকীৰ। বৰ্ষীয়ান সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ। ১৯ ফেব্ৰুৱাৰীত চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছিল প্ৰবীণ সাংবাদিকগৰাকীক।Also Read: গেৰুৱা হ’ল ভূপেন বৰাকেইবাখনো আগশাৰীৰ অসমীয়া দৈনিক বাতৰি কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিশিষ্ট সাহিত্যিক, সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। সাপ্তাহিক প্ৰাগজ্যোতিষ কাকতৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী। Also Read: হাতীৰ গচকত কৰুণ মৃত্যু এজনৰকেইবাখনো গ্ৰন্থও লেখিছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল সাংবাদিকগৰাকীয়ে। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অতুলনীয় সেৱাৰ বাবে অসম চৰকাৰে তেওঁক ২০১৯ চনত গণৰাজ্য দিৱস সাংবাদিকতা বঁটাৰে বিভূষিত কৰিছিল।Also Read: জুবিন মৃত্যুৰ গোচৰ ৰাইজে বিচাৰিলে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিম-মুখ্যমন্ত্ৰীনৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে বিশিষ্ট সাহিত্যিক, সাংবাদিকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰা। Also Read: ছাকিৰা আহিবAdvertismentAdvertisment Read the Next Article