Assameseহাতীৰ গচকত কৰুণ মৃত্যু এজনৰৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত হাতী-মানুহৰ সংঘাত ভয়ানকভাৱে বৃদ্ধি পাইছে৷ বন্যহস্তীৰ গচকত কৰুণ মৃ্ত্যু এজন লোকৰ। Jyotiprasad Sarma Feb 22, 2026 14:01 ISTহাতীৰ গচকত কৰুণ মৃত্যু এজনৰ Photograph: (DY365)ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাতহাতীৰ গচকত কৰুণ মৃত্যু এজনৰৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত হাতী-মানুহৰ সংঘাত ভয়ানকভাৱে বৃদ্ধি পাইছে৷ হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ওদালগুৰিৰ ডিমাকুছি, ৰজাগড়, নালাপাৰা, বগৰীতল, সোণাজুলি, টেংকিবস্তি, বাদলাপাৰা, ঔৰংগাজুলি, ভূটিয়াচাং, কচুবিল, বামুণজুলি, কালিখোলা, চামৰাং, ধৰমজুলিকে ধৰি ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত। হাতী-মানুহৰ সংঘাতত জুৰুলা হৈ পৰিছে ভাৰত-ভূটান সীমান্তৰ অঞ্চলবাসী৷ ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু এলিভেটেড কৰিডৰসমূহ অবৈধভাৱে দখল কৰি বাসভূমি গঢ়ি তোলাৰ উপৰিও খাদ্যৰ সন্ধানত কাষৰীয়া বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰাহি মধুসুদন সোঁৱৰিছে অঞ্চলবাসীয়ে৷ AdvertismentAlso Read: গেৰুৱা হ’ল ভূপেন বৰাবিভিন্ন প্ৰান্তত হাতী-মানুহৰ এনে ভয়াৱহ সংঘাতৰ মাজতে শনিবাৰে সন্ধিয়া ভেৰগাঁৱৰ ২ নং ৰজাগড়ত সংঘটিত হয় শোকাৱহ ঘটনা৷ বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত হয় এজন লোক। নিহত লোকজনৰ নাম দেৱী প্ৰসাদ উপ্ৰেতি ওৰফে ৰাজন উপ্ৰেতি। ঘৰত গাখীৰ খিৰাই থকা সময়ত জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীৰ গচকত প্ৰাণ হেৰুৱাই লোকজনে। ইফালে পৰিয়ালৰ বাকী সদস্যসকলৰ কথমপি প্ৰাণৰক্ষা পৰে। এতিয়া বন্যহস্তীৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে অঞ্চলবাসী। স্থানীয় লোকে লগে লগে বনবিভাগ আৰু ডিমাকুছি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে। ঘটনাস্থলীত বৰনদী অভয়াৰণ্যৰ বনকৰ্মী আৰু ডিমাকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।Also Read: ছাকিৰা আহিবউল্লেখ্য যে, বছৰ বছৰ ধৰি বন্যহস্তীৰ হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত৷ ইতিমধ্যে বনৰীয়া হাতীৰ সন্ত্ৰাসত বহু পৰিয়াল গৃহহীন হোৱাৰ লগতে চলিত বছৰটোত জিলাখনত ৫ জনতকৈও অধিক লোকে বন্যহস্তীৰ আক্ৰমণত কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। এই ভয়াৱহ সংঘাত ৰোধৰ ক্ষেত্ৰত অদ্যপি সফল হোৱা নাই বিটিচি চৰকাৰ আৰু বনবিভাগ৷ বনমন্ত্ৰীক হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ। বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে হাতী-মানুহৰ সংঘাত ৰোধৰ সু ব্যৱস্থা কৰিবলৈ বনমন্ত্ৰীৰ লগতে বিটিচি চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে।AdvertismentAdvertisment Read the Next Article