Advertisment

শোকাৱহ! ডাম্পাৰৰ খুন্দাত ৪জনৰ কৰুণ মৃত্যু

ভয়ংকৰ! এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লগতে অসম। অৰুণাচল প্ৰদেশৰ ৩২ মাইলত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কেইবাজনো লোকক। ভয়ংকৰ দুৰ্ঘটনাত ৪ জনকৈ লোকৰ কৰুণ মৃত্যু। 

 File Photo
File Photo

শোকাৱহ! ডাম্পাৰৰ খুন্দাত ৪জনৰ কৰুণ মৃত্যু

ভয়ংকৰ! এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লগতে অসম। অৰুণাচল প্ৰদেশৰ ৩২ মাইলত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কেইবাজনো লোকক। ভয়ংকৰ দুৰ্ঘটনাত ৪ জনকৈ লোকৰ কৰুণ মৃত্যু। 

Advertisment

Read More- ৩১ জানুৱাৰী শেষ সময়সীমা! ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে ডেডলাইন

ৰাজপথত পুনৰ দেখিবলৈ পোৱা গৈছে তীব্ৰবেগী ডাম্পাৰৰ অতপালি। শনিবাৰে নিশা অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ অন্তৰ্গত তেজুৰ ৩২ মাইলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাই কঁপাই গৈছে অৰুণাচল প্ৰদেশৰ লগতে অসমকো। 

Read More- ভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰ

জানিব পৰা মতে নিশাৰ ভাগত এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিছিল চাৰি জনকৈ লোকক। নিহত সকলৰ ভিতৰত দুজন শদিয়া চেংচাপ আৰক্ষী থানাৰ অন্তৰ্গত ৰুক্মীণী দেউৰী গাওঁৰ নিৱাসী ৪৫ বছৰীয়া শশীৰাম দেউৰী আৰু ২৩ বছৰীয়া অমৰজ্যোতি দেউৰী ওৰফে বাবু দেউৰী বুলি জানিব পৰা গৈছে। লগতে এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছে দুজনকৈ স্থানীয়ে লোকেও। 

Read More- হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰী

তথ্য অনুসৰি শনিবাৰে নিশা কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ সদৰ তেজুত থকা শদিয়া ৰুক্মীণী দেউৰী গাওঁৰ নিৱাসী শশীৰাম দেউৰী আৰু অমৰজ্যোতি দেউৰীয়ে তেজুৰ পৰা শদিয়াৰ নিজ ঘৰলৈ এখন বাইকত আহি থকা অৱস্থাতে তেজুৰ ৩২ মাইলত পিছফালৰ পৰা এখন ডাম্পাৰে তীব্ৰ বেগত খুন্দা মাৰে। ফলত দুয়োজনেই থিতাতেই কৰুণ মৃত্যুক আঁকোৱালি লয়। এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰুক্মীণী দেউৰী গাঁৱত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা

Advertisment
Advertisment