Assamese৩১ জানুৱাৰী শেষ সময়সীমা! ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে ডেডলাইনবিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট? অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। মিত্ৰতা চূড়ান্ত হ’লে ২০খন আসনত সন্তুষ্ট হ’ব ৰাইজৰ দল। অন্যথা এককভাৱে আগবঢ়াৰ হুংকাৰ।Mrinmoy Talukdar Jan 23, 2026 19:49 ISTFile Photo৩১ জানুৱাৰী শেষ সময়সীমা! ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে ডেডলাইনবিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট? অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। মিত্ৰতা চূড়ান্ত হ’লে ২০খন আসনত সন্তুষ্ট হ’ব ৰাইজৰ দল। অন্যথা এককভাৱে আগবঢ়াৰ হুংকাৰ।AdvertismentRead More- ভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰবিধানসভা নিৰ্বাচনলৈ শাসকীয় বিজেপি মিত্ৰজোঁট প্ৰায় সাজু হৈছে। কিন্তু তাৰ বিপৰীতে বিৰোধী ঐক্যত দেখিবলৈ পোৱা গৈছে অসন্তুষ্টি। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভূমিকাত সন্তুষ্ট নহয় ৰাইজৰ দল। এইবাৰ ৰাইজৰ দলে শেষ সময়সীমা বান্ধি দিলে কংগ্ৰেছক। Read More- হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰীআনহাতে আসন বুজাবুজি সন্দৰ্ভতো নিজৰ স্থিতি স্পষ্ট কৰিলে ৰাইজৰ দলে। আজি সংবাদমেলযোগে ৰাইদৰ দলৰ নেতৃবৰ্গই কয় যে, অসমৰ স্বাৰ্থত আৰু বিৰোধী ঐক্যমঞ্চৰ স্বাৰ্থত মিত্ৰতা হ'লে আমি ২০খন আসনতেই সন্তুষ্ট হ’ম। কিন্তু মিত্ৰতা হ'বনে নহয় এই সিদ্ধান্তটো আমাক অতি সোনকালে লাগে। মাজত আৰু মাত্ৰ এটা মাহ আছে, গতিকে আমাৰ হাতত সময় একেবাৰে কম। সেয়ে ৰাইজৰ দলে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে অহা ৩১ জানুৱাৰীৰ ভিতৰত আমাৰ মাজত আসন ভাগ বটোৱাৰা সম্পূৰ্ণ হ'ব লাগিব। Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহাআনহাতে ৰাইজৰ দলে সংবাদমেলতেই কয় যে, আসন ভাগ বটোৱাৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে মূল বিৰোধী দল কংগ্ৰেছে। কংগ্ৰেছে নিজৰ আভ্যন্তৰীন সমস্যাবোৰ সমাধান কৰিব পৰা নাই বাবে আসম ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত একো সিদ্ধান্ত ল'ব পৰা নাই। কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থ এটা দলৰ দলীয় স্বাৰ্থতকৈ বহু ওপৰত। গতিকে কংগ্ৰেছ দলে সোনকালে সিদ্ধান্ত লওক। কাৰণ এতিয়া আমি ৰাইজকো জনাব পৰা নাই যে আমি কোনটো দলে কোনটো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিম। Read More- 'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰীগতিকে ৰাজ্যৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছে এই বিষয়টো গুৰুত্বসহকাৰে ল'ব লাগে। গতিকে মই কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক অতি সোনকালে সিদ্ধান্ত লবলৈ অনুৰোধ জনাইছো। ৩১ জানুৱাৰীৰ আগত সিদ্ধান্ত নললে আমি ৰাইজৰ দলে এককভাৱে প্ৰাৰ্থী ঘোষণা কৰিবলৈ বাধ্য হম। কিন্তু আমি অসমৰ ৰাইজক জনাব বিচাৰো যে আমি বিৰোধী ঐক্যৰ পক্ষত। আমি মিত্ৰতা কৰিবলৈ অহৰহ প্ৰচেষ্টা কৰিছো। কিন্তু অহৰহ প্ৰচেষ্টাৰ পাছতো কংগ্ৰেছ দলে সিদ্ধান্ত নল'লে আমি এককভাৱে চিন্তা কৰিবলৈ বাধ্য হম।AdvertismentAdvertisment Read the Next Article