Assameseজুবিন মৃত্যুৰ গোচৰ ৰাইজে বিচাৰিলে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিম-মুখ্যমন্ত্ৰীমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয়, ৰাইজৰ মতামতক সন্মান কৰো আৰু যদি ৰাইজে বিচাৰে তেন্তে এই গোচৰটোৰ বাবে ফাষ্টট্ৰেক আদালত গঠন কৰিবলৈ সাজু। Estafur Rahman Feb 22, 2026 16:07 ISTজুবিন মৃত্যুৰ গোচৰ ৰাইজে বিচাৰিলে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিম-মুখ্যমন্ত্ৰী Photograph: (cm byte)জুবিন মৃত্যুৰ গোচৰ ৰাইজে বিচাৰিলে ফাষ্টট্ৰেক আদালতৰ ব্যৱস্থা কৰিম-মুখ্যমন্ত্ৰীAdvertismentAlso Read....হাতীৰ গচকত কৰুণ মৃত্যু এজনৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ আগত কয়, ৰাইজৰ মতামতক সন্মান কৰো আৰু যদি ৰাইজে বিচাৰে তেন্তে এই গোচৰটোৰ বাবে ফাষ্টট্ৰেক আদালত গঠন কৰিবলৈ সাজু। কিন্তু ইয়াৰ আঁৰত এক গভীৰ চক্ৰান্ত চলি থকা বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ মতে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে অতি নিষ্ঠাৰে বলিষ্ঠভাৱে অভিযুক্তৰ জামিন আৱেদনসমূহ নাকচ কৰি আহিছে। ফাষ্টট্ৰেক আদালত গঠন কৰিলে গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰি যোৱাৰ বহু সম্ভাৱনা আছে। একাংশই এই সুযোগ গ্ৰহণ কৰি অভিযুক্তক জামিনত উলিয়াই আনি চৰকাৰক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে।Also Read...গেৰুৱা হ’ল ভূপেন বৰাকংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰ ভ্ৰমণকলৈও মুখ্যমন্ত্ৰীয়ে তীক্ষ্ণ সমালোচনা কৰে। উল্লেখ্য যে, দুদিনীয় কাৰ্যসুচীৰে অসমলৈ আহিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। অসমত থকাৰ দ্বিতীয় দিনটোত কোনো সাংবাদিকক অৱগত নকৰাকৈয়ে সংগোপনে জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল কংগ্ৰেছ নেত্ৰীগৰাকী। সেইসময়ত প্ৰিয়ংকা গান্ধীক সংগ দিছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ নেতা সকলে।প্ৰিয়ংকা গান্ধীৰ জুবিন ক্ষেত্ৰ ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীক্ষ্ণ সমালোচনা কৰি কয়, নিৰ্বাচনৰ সময়ত ৰাজনৈতিক স্বাৰ্থত কোনোৱে জুবিন ক্ষেত্ৰলৈ যোৱাটো উচিত নহয়। লগতে তেওঁ প্ৰশ্ন কৰে যে ইয়াৰ পূৰ্বে বহুবাৰ অসমলৈ আহিও প্ৰিয়ংকা গান্ধীয়ে কিয় কেতিয়াও জুবিন গাৰ্গ বা ভূপেন হাজৰিকাৰ কথা উল্লেখ কৰা নাছিল। আনকি জুবিনৰ জন্মদিনত কংগ্ৰেছৰ কোনো নেতাই তেজ দিছিল নেকি বুলিও তেওঁ প্ৰত্যাহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে আৰু এটা কথা স্পষ্ট কৰি দিয়ে যে নিৰ্বাচন চলি থকালৈকে তেওঁ নিজে জুবিন ক্ষেত্ৰলৈ নাযায়। যদি ভগৱানে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ সুযোগ দিয়ে তাৰপাছতহে জুবিন ক্ষেত্ৰলৈ যাম বুলি মন্তব্য কৰে। Also Read....জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিছে বিজেপি চৰকাৰে, ক্ষোভ লুৰীণজ্যোতি গগৈৰইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোত কোনো ৰাজনীতি কৰিব নিবিচাৰে বুলি উল্লেখ কৰি কয়, কংগ্ৰেছে শ্বহীদৰ ক্ষেত্ৰ বা বৰদোৱাৰ দৰে পবিত্ৰ স্থানলৈ নগৈ কেৱল নিৰ্বাচনী লাভালাভৰ বাবেহে জুবিন ক্ষেত্ৰলৈ গৈছে। তেওঁৰ মতে যিসকলে আজি জুবিনৰ প্ৰতি দৰদ দেখুৱাইছে তেওঁলোকেই পূৰ্বতে জুবিনক চিনি নাপাওঁ বুলি কৈছিল। চৰকাৰে গোচৰটোৰ সঠিক তদন্ত আৰু ন্যায় বিচাৰে বাবেহে বৰ্তমানৰ চৰকাৰী পক্ষই কাম কৰি আছে বুলি তেওঁ দাবী কৰে।AdvertismentAdvertisment Read the Next Article