Advertisment

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন বিশেষ পত্ৰ

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অহা এখন বিশেষ পত্ৰই আশাৰ বতৰা কঢ়িয়াই আনিছে উজনিলৈ। ব্যাপক উন্নয়ন ঘটিব ডিব্ৰুগড়ৰ ৰে’লৱে আন্তঃগাঁথনিত। শীঘ্ৰেই ডিব্ৰুগড়ৰ পৰা আৰম্ভ হ’ব এখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ। 

 প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন বিশেষ পত্ৰ Photograph: (DY365)
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন বিশেষ পত্ৰ Photograph: (DY365)

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন বিশেষ পত্ৰ 


আশাৰ বতৰা কঢ়িয়াই আনিছে উজনিলৈ

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অহা এখন বিশেষ পত্ৰই আশাৰ বতৰা কঢ়িয়াই আনিছে উজনিলৈ। ব্যাপক উন্নয়ন ঘটিব ডিব্ৰুগড়ৰ ৰে’লৱে আন্তঃগাঁথনিত। শীঘ্ৰেই ডিব্ৰুগড়ৰ পৰা আৰম্ভ হ’ব এখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ। 

Advertisment

উজনি অসমৰ যাতায়াত ব্যৱস্থাৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অহা এখন বিশেষ পত্ৰই। শীঘ্ৰেই উন্নয়ন ঘটিব ডিব্ৰুগড়ৰ ৰে’লৱে আন্তঃগাঁথনিত। ডিব্ৰুগড়ৰ পৰা এখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ চলাচল আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ডিব্ৰুগড় ৰে’ল আন্তঃগাঁথনি উন্নীতকৰণৰ এক বিস্তৃত পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে।

Also Read: প্ৰথম পোহৰ দেখিছে এখন গাঁৱৰ বাসিন্দাই

উল্লেখ্য যে, ডিব্ৰুগড়ৰ সমাজকৰ্মী পৰাগ দত্তই ২০২৫ চনৰ ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীনৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছিল এখন বিশেষ পত্ৰ। ডিব্ৰুগড়ৰ ৰে’লৱে আন্তঃগাঁথনি উন্নয়নৰ দাবীৰে প্ৰেৰণ কৰিছিল পত্ৰখন। পত্ৰৰ প্ৰত্যুত্তৰেৰে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ডিব্ৰুগড় ৰে’ল নেটৱৰ্কত উন্নয়নমূলক পৰিকল্পনাৰ কথা সদৰী কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ যাত্ৰীৰ সুবিধাৰে ডিব্ৰুগড়ত নিৰ্মাণ হ’ব টাৰ্মিনেল। আৰামদায়ক আৰু কাৰ্যক্ষম ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হ’ব টাৰ্মিনেল। যাত্ৰীৰ সুবিধাৰ্থে ডিব্ৰুগড় টাউন ৰে’লৱে ষ্টেশ্যন ভৱনটো অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণৰ কথা জনায় PMOই। প্ৰস্তাৱিত এই প্ৰকল্পই উজনি অসমৰ ৰে’ল সেৱাত যথেষ্ট উন্নতি সাধিব বুলি আশা কৰা হৈছে। প্ৰস্তাৱিত উন্নীতকৰণে ডিব্ৰুগড়ক উত্তৰ-পূবৰ প্ৰধান ৰে’লৱে হাব হিচাপে গঢ়ি তুলিব। ষ্টেচনটোত ভাৰতীয় ৰে’লৱেৰ পুনৰ উন্নয়নৰ পদক্ষেপৰ সৈতে সংগতি ৰাখি যাত্ৰীৰ সুবিধা, সুৰক্ষা আৰু সুলভতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আধুনিক সুবিধাসমূহৰ ব্যৱস্থা কৰা হ’ব বুলি আশা কৰা হৈছে।

Also Read: ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী, প্ৰধানমন্ত্ৰীৰ প্ৰতিটো কাৰ্যসূচীৰ বিষয়ে জনালে মুখ্যমন্ত্ৰীয়ে

এই প্ৰকল্পই উজনি অসমৰ ৰে'ল সেৱাৰ যথেষ্ট উন্নতি সাধন কৰিব। দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ বৃদ্ধি কৰিব, অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত সহায় কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে প্ৰস্তাৱিত উন্নীতকৰণে উত্তৰ-পূবৰ এক প্ৰধান গেটৱে আৰু ৰে’লৱে হাব হিচাপে ডিব্ৰুগড়ৰ কৌশলগত গুৰুত্ব আৰু অধিক শক্তিশালী কৰিব। 

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা সঁহাৰি লাভ কৰি উত্‍ফুল্লিত হৈ পৰে সমাজকৰ্মী পৰাগ দত্তৰ লগতে স্থানীয় ৰাইজ। ডিব্ৰুগড়ৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত হ’ব বুলি মন্তব্য কৰে পৰাগ দত্তই। পৰিকল্পিত আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে চহৰখনৰ সংযোগ ব্যৱস্থা সলনি কৰি অৰ্থনৈতিক বিকাশত গতি প্ৰদান কৰিব বুলি আশা কৰে।  

Advertisment
Advertisment