Assameseপ্ৰথম পোহৰ দেখিছে এখন গাঁৱৰ বাসিন্দাইঅৱশেষত আহিল আশাৰ দিনটো... স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ গাঁৱলৈ আহিল বিদ্যুৎ সংযোগ। অসম চৰকাৰে নিদিলেও বংগ চৰকাৰৰ কৃপাত ঘৰ উজলি উঠিল বিদ্যুৎচাকিৰ পোহৰেৰে। অসম-বংগ সীমান্তৰ গোলকগঞ্জৰ ছাট পোকালাগিত সীমাহীন উছাহ। Jyotiprasad Sarma Feb 12, 2026 18:24 ISTপ্ৰথম পোহৰ দেখিছে এখন গাঁৱৰ বাসিন্দাই Photograph: (DY365)প্ৰথম পোহৰ দেখিছে এখন গাঁৱৰ বাসিন্দাইহাৰিকেন লেম্পক টা টা বাই বাই দিলে ৰাইজেঅৱশেষত আহিল আশাৰ দিনটো... স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ গাঁৱলৈ আহিল বিদ্যুৎ সংযোগ। অসম চৰকাৰে নিদিলেও বংগ চৰকাৰৰ কৃপাত ঘৰ উজলি উঠিল বিদ্যুৎচাকিৰ পোহৰেৰে। অসম-বংগ সীমান্তৰ গোলকগঞ্জৰ ছাট পোকালাগিত সীমাহীন উছাহ। Advertismentঅসম-বংগ সীমান্তৰ গোলকগঞ্জৰ এখন গাঁও ছাট পোকালাগি। গাঁওখনৰ ৰাইজে আজি প্ৰথম পোহৰ দেখিছে। গাঁওখনত নাছিল বিদ্যুৎ। সুদীৰ্ঘ স্বাধীনতা কালৰ পৰাই গাঁওখনত নাছিল বিদ্যুতৰ সংযোগ। কিন্তু এতিয়া আহিছে গাঁওখনলৈ সুখবৰ। প্ৰথমবাৰলৈ গাঁওখনত স্থাপন হ'ল বিদ্যুতৰ খুঁটা, সংযোগ কৰা হ'ল বিদ্যুৎ। যাক লৈ উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। গাঁওখনৰ বাসিন্দাই বছৰ বছৰ ধৰি চৰকাৰক অনুৰোধ কৰাৰ পিছত অসম-বংগ চৰকাৰৰ বিদ্যুৎ বিভাগৰ আলোচনাৰ অন্তত বংগ চৰকাৰে বিদ্যুত্ সংযোগ দিলে গাঁওখনত। অসম–বংগ চৰকাৰৰ যৌথ প্ৰচেষ্টাত পোহৰ পালে গাঁওবাসীয়ে। Also Read: জাগীৰোডত ১২ কোটি টকীয়া মিনি ষ্টেডিয়ামৰ শুভ উদ্বোধনউল্লেখ্য যে, যুগ যুগ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আহিছিল অসম-বংগ সীমান্তৰ গোলকগঞ্জৰ ছাট পোকালাগি গাঁওখন। বছৰ বছৰ ধৰি গাঁওখনত বিদ্যুৎ সংযোগ কৰাৰ বাবে স্থানীয় বিধায়কক অনুৰোধ কৰি আহিছিল গাঁওবাসীয়ে। বিদ্যুৎ সেৱা দিবলৈ জনপ্ৰতিনিধিক অনুৰোধ কৰি কৰি ভাগৰি পৰিছিল স্থানীয় ৰাইজ। অবশেষত বুধবাৰে অসম-বংগ সীমান্তৰ গোলকগঞ্জৰ ছাট পোকালাগি গাঁওখনত শক্তি বিভাগে দিলে বিদ্যুতৰ সংযোগ। অসম-বংগ চৰকাৰৰ বিভাগৰ আলোচনাৰ অন্তত পশ্চিম বংগ চৰকাৰৰ বিদ্যুৎ বিভাগে গাঁওখনত দিলে বিদ্যুতৰ সংযোগ।বিদ্যুৎ সংযোগ লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰে ৰাইজ। ফটকা ফুটাই আনন্দ-উল্লাস কৰিলে গাঁৱৰ সকলো বাসিন্দাই। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বিদ্যুৎ সেৱা লাভ কৰি আনন্দত আত্মাহাৰা হৈ পৰে অঞ্চলবাসী। ছাট পোকালাগি গাঁওখনৰ ৯০টা পৰিয়ালে বিদ্যুৎ সংযোগ লাভ কৰি উৎফুল্লিত হৈ পৰে। হাৰিকেন লেম্পক টা টা বাই বাই দিছে গাঁৱৰ বাসিন্দাই। এতিয়া বিদ্যুৎচাকিৰ পোহৰেৰে উজলি উঠিছে প্ৰতিঘৰ। AdvertismentAdvertisment Read the Next Article