Assameseজাগীৰোডত ১২ কোটি টকীয়া মিনি ষ্টেডিয়ামৰ শুভ উদ্বোধনজাগীৰোডত ক্ৰীড়াৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ মন্ত্ৰী পীযুষ হাজৰিকাৰ। জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰায় ১২ কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা হয় এক মিনি ষ্টেডিয়াম।Estafur Rahman Feb 11, 2026 21:57 ISTজাগীৰোডত ১২ কোটি টকাৰ মিনি ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাইAdvertismentAlso Read.....হোলীৰ পূৰ্বে চৰকাৰী চাকৰিয়াললৈ আহিব ভাল খবৰ! দৰমহা বৃদ্ধিক লৈ ডাঙৰ আপডেট!জাগীৰোডত ক্ৰীড়াৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰচেষ্টাত জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰায় ১২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এখন মিনি ষ্টেডিয়ামৰ শুভ উদ্বোধন। মঙলবাৰে সন্ধিয়া ষ্টেডিয়ামখন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জাগীৰোডত খেলুৱৈ তথা যুৱক-যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশ আৰু ক্ৰীড়াৰ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে সপোন পুহি ৰখা প্ৰায় দহ হাজাৰ দৰ্শকে খেল উপভোগ কৰিব পৰাকৈ জাগী ভকত গাঁৱৰ ড্ৰীমলেণ্ড খেলপথাৰত আন এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।Also Read....বন্ধ হ'ল জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণীলগতে জাগীৰোডত গ্ৰীন গেলেৰী আৰু পেভেলিয়ন ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে নৱনিৰ্মিত এই ষ্টেডিয়াম মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম, মেঘালয় আৰু মিজোৰামৰ চাৰিটা দলৰ মাজত প্ৰদৰ্শনীমূলক ফুটবল খেল অনুষ্ঠিত কৰে জাগীৰোড ক্ৰীড়া সন্থাই। দিবা-নৈশ এই ফুটবল খেল প্ৰথমে মেঘালয়ৰ এলবৰাইল এফ চি আৰু যোৰহাট টাউন ক্লাবৰ মাজত অনুষ্ঠিত হয়। খেলখনত মেঘালয়ৰ দলটোৱে ৩-০ গ'লৰ ব্যৱধানত যোৰহাটৰ দলটোক পৰাভূত কৰে। আনহাতে দ্বিতীয়খন খেল মিজোৰামৰ থ্ৰী ব্ৰাদাৰ্ছ ফুটবল ক্লাব আৰু জাগীৰোড ক্ৰীড়া সন্থা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত জাগীৰোড ক্ৰীড়া সন্থাৰ ফুটবল দলে ৩-০ গ'লত বিজয় সাব্যস্ত কৰে। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে উপস্থিত থাকে মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানত জাগীৰোড মহাবিদ্যালয়ৰ শিল্পী দলে বিহু, বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে।Also Read....ধিঙত জুৱাৰীৰ ৰূপত চৰকাৰী গাঁও প্ৰধানAdvertismentAdvertisment Read the Next Article