Assameseধিঙত জুৱাৰীৰ ৰূপত চৰকাৰী গাঁও প্ৰধানধিঙত জুৱাৰীৰ ৰূপত চৰকাৰী গাঁও প্ৰধান। গাঁও প্ৰধানৰ নেতৃত্বতেই চলি আহিছে বৃহৎ জুৱাৰ আড্ডা। ধিং আৰক্ষীয়ে জুৱা খেলি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰিলে ধিঙৰ খৈৰামাৰী গাঁৱৰ চৰকাৰী গাঁও প্ৰধানসহ তিনি জুৱাৰীক।Estafur Rahman Feb 10, 2026 18:27 ISTধিঙত জুৱাৰীৰ ৰূপত চৰকাৰী গাঁও প্ৰধান। গাঁও প্ৰধানৰ নেতৃত্বতেই চলি আহিছে বৃহৎ জুৱাৰ আড্ডা।Advertisment ধিং আৰক্ষীয়ে জুৱা খেলি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰিলে ধিঙৰ খৈৰামাৰী গাঁৱৰ চৰকাৰী গাঁও প্ৰধানসহ তিনি জুৱাৰীক। কিন্তু আশ্চৰ্যকৰ বিষয় যে ধিং আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰাৰ পিছতো নিশাই মুকলি কৰি দিয়ে গাওঁ প্ৰধান সহ তিনি জুৱাৰীক।ৰাজ্যত এতিয়াও চলি আছে জুৱাৰীৰ দপদপনি। জুৱাৰীৰ বিৰুদ্ধে অসম আৰক্ষী যিমানেই সষ্টম হৈছে, সিমানেই যেন জুৱাৰীৰ দপদপনি চলিছে। ৰাজ্যৰ বিভিন্ন ঠাইত অসম আৰক্ষীয়ে জুৱাৰীক খেদি খেদি গ্ৰেপ্তাৰ কৰাৰ খবৰ ইতিমধ্যে আপোনালোকে বহুত শুনিছে কিন্তু কেতিয়াবা শুনিছে নে চৰকাৰী গাঁও প্ৰধানৰ নেতৃত্বত জুৱাৰীৰ বৃহৎ বজাৰৰ কথা। হয় ঠিকেই শুনিছে, এইবাৰ ধিঙত জুৱাৰীৰ ৰূপত চৰকাৰী গাঁও প্ৰধান।Also Read.....মই পাকিস্তানলৈ গৈছিলোঃ গৌৰৱ গগৈসোমবাৰে সন্ধিয়া এক গোপন খবৰৰ ভিত্তিত ধিং আৰক্ষীয়ে চলোৱা অভিযানত জুৱা খেলি থকাৰ সময়তেই হাতে-লোটে কৰায়ত্ত কৰে খৈৰামাৰী গাঁৱৰ চৰকাৰী গাঁও প্ৰধান কবিদুল ইছলাম ওৰফে আউৱাল গাঁওপ্ৰধানসহ জহুৰ উদ্দিন আৰু মুক্তাৰ হুছেইন নামৰ তিনি জুৱাৰীক। আৰক্ষীয়ে জুৱা খেলি থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰি থানালৈ লৈ আহে তিনি জুৱাৰীক। কিন্তু আশ্চৰ্যকৰ বিষয় যে নিশাই আৰক্ষীয়ে জুৱাৰী কেইজনক মুকলি কৰি দিয়ে। আৰক্ষীয়ে কিয় হাতে-লোটে গ্ৰেপ্তাৰ কৰাৰ পাছতো নিশাই মুকলি কৰি দিয়ে তাক লৈ এতিয়া সমগ্ৰ ধিঙত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীক মেনেজ কৰি চৰকাৰী গাঁও প্ৰধানৰ লগতে আন দুই জুৱাৰীক মুকলি কৰি দিয়া হয় নেকি ? আৰক্ষীয়ে মুকলি কৰি দিয়া তিনি জুৱাৰীয়ে পিছলৈ আৰু জুৱা খেলৰ বৃহৎ বজাৰ নাপাতিব বুলি ইয়াৰ কি মানে আছে বুলিও সচেতন মহলত আলোচনা চলিছে। Also Read....পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰযি সময়ত চৰকাৰে শান্তি আৰু শৃংখলা বজাই ৰখাৰ স্বাৰ্থত গাঁও প্ৰধানসকলৰ দৰমহা বৃদ্ধি কৰাৰ লগতে বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰি আহিছে, ঠিক তেনে সময়তেই এজন গাঁও প্ৰধানৰ নেতৃত্বত চলা এনে লজ্জাজনক কাণ্ডই সকলোকে লজ্জিত কৰি তুলিছে। উল্লেখযোগ্য যে, গাঁও প্ৰধান কবিদুল ইছলামৰ বিৰুদ্ধে বিগত সময়ছোৱাতো বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছিল।AdvertismentAdvertisment Read the Next Article