Advertisment

হোলীৰ পূৰ্বে চৰকাৰী চাকৰিয়াললৈ আহিব ভাল খবৰ! দৰমহা বৃদ্ধিক লৈ ডাঙৰ আপডেট!

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে হোলীৰ পূৰ্বে লাভ কৰিব পাৰে সুখবৰ। ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা ডিয়াৰনেছ এলাৱেন্স (DA) আৰু ডিয়াৰনেছ ৰিলিফ (DR) ২% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

 হোলীৰ পূৰ্বে চৰকাৰী চাকৰিয়াললৈ আহিব ভাল খবৰ! দৰমহা বৃদ্ধিক লৈ ডাঙৰ আপডেট!


কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে হোলীৰ পূৰ্বে লাভ কৰিব পাৰে সুখবৰ।

Advertisment

Also Read.....পাকিস্তানলৈ গৌৰৱ গগৈ কিয় গৈছিল? মুকলি প্ৰশ্ন অখিল গগৈৰ

২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা ডিয়াৰনেছ এলাউন্স (DA) আৰু ডিয়াৰনেছ ৰিলিফ (DR) ২% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।  চলিত বৰ্ষৰ হোলীৰ পূৰ্বে এই উপহাৰ লাভ কৰিব পাৰে কৰ্মচাৰীসকলে।

লেবাৰ ব্যুৰোৱে ২০২৫ চনৰ ডিচেম্বৰৰ AICPI-IWৰ তথ্য প্ৰকাশ কৰিছে। যদিও ৭ম দৰমহা আয়োগৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰত অন্ত পৰিছে, তথাপিও অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী নোহোৱালৈকে সপ্তম দৰমহা আয়োগৰ মূল দৰমহাৰ ওপৰত ভিত্তি কৰি DA গণনা কৰা হ’ব। গতিকে DA বৃদ্ধিৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকল লাভৱান হৈ থাকিব। ধাৰণা কৰা হৈছে  ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা এইবাৰ DA ২ শতাংশ বৃদ্ধি পাব পাৰে। 

Also Read....বাজপেয়ী ভৱনত হিমন্ত বিশ্ব শৰ্মাক লৈ কি আলোচনা চলিছে? ক'লে ৰকিবুল হুছেইনে-

অপেক্ষা কেৱল চৰকাৰৰ আনুষ্ঠানিক ঘোষণালৈ। চৰকাৰৰ আনুষ্ঠানিক ঘোষণাৰ পিছতহে চূড়ান্ত হ’ব। উল্লেখ্য যে, চৰকাৰে বছৰত দুবাৰকৈ, জানুৱাৰী আৰু জুলাই মাহত DA বৃদ্ধি কৰে। গতিকে DA বৃদ্ধি হ’লে স্বয়ংক্ৰিয়ভাৱে মুঠ দৰমহা বৃদ্ধি পায়। AICPI-IW (All India Consumer Price Index–Industrial Workers) হৈছে দৈনন্দিন সামগ্ৰীৰ মূল্যৰ পৰিৱৰ্তন প্ৰতিফলিত কৰা এক দিশ। AICPI-IW লেবাৰ ব্যুৰোৱে মাহেকীয়াকৈ প্ৰকাশ কৰে এই দিশ বা সূচকাংক। এই সূচকাংকৰ ১২ মাহৰ গড়ৰ ওপৰত ভিত্তি কৰি DA নিৰ্ধাৰণ কৰা হয়।

Also Read....কেৱল গৌৰৱকেই নহয়, মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰক। ফেচবুক লাইভত অখিল গগৈৰ চাঞ্চল্যকৰ দাবী

২০২৫ চনৰ ডিচেম্বৰ মাহত AICPI-IWৰ পৰিসংখ্যা আছিল ১৪৮.২। ইয়াৰ ভিত্তিত ১২ মাহৰ গড় ১৪৫.৫৪। গণনাৰ পিছত DA প্ৰায় ৬০.৩৩% হৈছে। এনে পৰিস্থিতিত DA ৬০% লৈ বৃদ্ধি কৰিব পৰা যাব। বৰ্তমান DA ৫৮%, অৰ্থাৎ ২% বৃদ্ধি সম্ভৱ। ২০২৫ চনৰ জুন মাহৰ AICPI-IWৰ তথ্যৰ ভিত্তিত চৰকাৰে ২০২৫ চনৰ অক্টোবৰ মাহত DA ৩% বৃদ্ধি কৰিছিল। তাৰ পিছত DA ৫৫%ৰ পৰা ৫৮%লৈ বৃদ্ধি পাইছিল।

Advertisment
Advertisment