Assameseজৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰউন্নয়নৰ ফোঁপোলা স্বৰূপ! এখন জৰাজীৰ্ণ দলঙেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে ৰাইজে। কাণসাৰ নাই জনপ্ৰতিনিধিৰ। পকী দলং নিমাৰ্ণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। Jyotiprasad Sarma Feb 01, 2026 19:38 ISTজৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ Photograph: (DY365)উন্নয়নৰ ফোঁপোলা স্বৰূপ!জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰউন্নয়নৰ ফোঁপোলা স্বৰূপ! এখন জৰাজীৰ্ণ দলঙেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে ৰাইজে। কাণসাৰ নাই জনপ্ৰতিনিধিৰ। পকী দলং নিমাৰ্ণ কৰিবলৈ দাবী স্থানীয় ৰাইজৰ। Advertismentউন্নয়নৰ শ্লোগানেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ! এখন জৰাজীৰ্ণ ভঙা দলঙেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে গাঁৱৰ ৰাইজে। দৰং জিলাৰ দলগাঁও সমষ্টিৰ ছকৰাবস্তী খৈৰাকাটা গাঁও পঞ্চায়তৰ অন্তৰ্গত খৈৰাকাটা গাঁও আৰু বৰুৱাপাৰা গাঁৱৰ সংযোগী নদীৰ ওপৰত থকা বিধ্বস্ত এখন কাঠৰ দলঙে জীয়াতু ভুগাইছে গাঁওবাসী, অঞ্চলবাসীক। দলংখন আছে যদিও যিকোনো মূহূৰ্তত দলংখন খহি যাব পাৰে! শংকাকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী লগতে হাজাৰ হাজাৰ পথচাৰী। যাৰ বাব এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। জৰাজীৰ্ণ দলংখনৰ বাবে যিকোনো সময়তে ডাঙৰ দুৰ্ঘটনা ঘটিব পাৰে বুলি এতিয়া আশংকা কৰিছে ৰাইজে।বাৰিষাৰ দিনত অলপ বৰষুণ হ'লেই যমৰ-যাতনা ভোগ কৰিব লাগে স্থানীয় ৰাইজে। ভয়-শংকাৰ মাজতে অতি জৰাজীৰ্ণ দলঙেৰে যাত্ৰা কৰে এই অঞ্চলটোৰ ৰাইজে। বেমাৰ-আজাৰ হ'লে এখন জৰুৰীকালীন গাড়ীও নাযায় দলংখনৰ ওপৰেৰে। কাৰোবাৰ বেমাৰ হ'লে ৰোগীক ৰাইজে কান্ধত দাঙি চিকিৎসালয়লৈ নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। শীঘ্ৰেই এখন স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে ভুক্তভোগী অঞ্চলটোৰ ৰাইজৰ।এখন পকী দলং নিমাৰ্ণ কৰি দিবলৈ স্থানীয় ৰাইজে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। এতিয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই দলং নিৰ্মাণৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে।AdvertismentAdvertisment Read the Next Article