Assameseবতৰৰ কালৰূপ, প্ৰবল বৃষ্টিপাতৰ ১০০ বছৰত নোহোৱা ঘটনা। বুৰ গ'ল কেইবাখনো গাওঁৰাজ্যৰ ভিন্নপ্ৰান্তত অব্যাহত প্ৰচণ্ড ধুমুহা-বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলালৈ সতৰ্কবানী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। শোণিতপুৰৰ চাৰিদুৱাৰ এতিয়া ভদীয়া বানৰ কবলত। পাহাৰীয়া নদীৰ বাঢ়নী পানীত বুৰ গৈছে চপালগা,বগীজুলি,দোৱাঙনি, দক্ষিনখিলাকে ধৰি কেইবাখনো গাওঁ।Anindita Kataki Sep 15, 2025 13:46 ISTপ্ৰকৃতিৰ কালৰূপ,নেৰানেপেৰা বৰষুণৰ ফলত ১০০ বছৰত নোহোৱা ঘটনা Photograph: (file photo)প্ৰবল বৃষ্টিপাতৰ বাবে১০০ বছৰত নোহোৱা শোণিতপুৰৰ গামানি চপালগা গাঁৱত প্ৰথমবাৰৰ বাবে বানপানী Source: file photo 1/5প্ৰবল বৃষ্টিপাতৰ বাবে শোণিতপুৰৰ কেইবাখনো গাঁৱত হাহাকাৰ পৰিস্থিতিপ্ৰবল বৃষ্টিপাতৰ বাবে ১০০ বছৰত নোহোৱা শোণিতপুৰৰ গামানি চপালগা গাঁৱত প্ৰথমবাৰৰ বাবে বানপানী। শোণিতপুৰৰ চাৰিদুৱাৰ এতিয়া ভদীয়া বানৰ কবলত। পাহাৰীয়া নদীৰ বাঢ়নী পানীত বুৰ গৈছে চপালগা,বগীজুলি,দোৱাঙনি, দক্ষিনখিলাকে ধৰি কেইবাখনো গাওঁ।চাৰিদুৱাৰৰ কেইবাখনো গাঁও জলমগ্ন পাহাৰীয়া নদীৰ বানত, বুৰ গৈছে ৰাজপথো Source: file photo 2/5পাহাৰীয়া নদীয়ে ছিগি পেলালে চপালগা মথাউৰিৰ লগতে আমলগা নদীৰ মথাউৰিযোৱা নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত বানপানীৰ কবলত চাৰিদুৱাৰৰ শতাধিক পৰিয়াল। চপালগা গাওঁৰ পাহাৰীয়া নদীৰ লগতে আমলগা নদীৰো মঠাউৰি চিগি পেলাই পাহাৰীয়া নদীৰ বাঢ়নী পানীয়ে । প্ৰথম বাৰৰ বাবে জলমগ্ন হৈছে গামানি চপালগা গাঁও। গড়কপ্তানী পথৰ ওপৰেৰেও বাগৰিছে পানী। গঞা ৰাইজৰ এতিয়া হাহাকাৰ অৱস্থা।বাঢ়নী পানীয়ে বুৰাই পেলাইছে বহুলোকৰ চোতালৰ লগতে ঘৰ-দুৱাৰ Source: file photo 3/5নিশাৰে পৰা হৈ থকা বৰষুণৰ বাবে অধিক ভয়াৱহ হৈ পৰিছে চাৰিদুৱাৰৰ বান পৰিস্থিতিঘৰৰ ভিতৰলৈ পানী সোমাই খিৰিকীৰে বাগৰিছে পানী। বৰ্তমান সময়ত আন কেইবাটাও অঞ্চললৈ বিয়পি পৰিছে পানী। হঠাৎ হোৱা ভদিয়া বানে এতিয়া যমৰ-যাতনা দিছে শোণিতপুৰৰ চাৰিদুৱাৰৰ কেইবাখনো গাঁৱৰ জনতাক। এটুপি খোৱাপানী আৰু খাদ্য সামগ্ৰীৰ বাবে চিন্তাত পৰিছে গঞা ৰাইজ।Advertismentবানপীড়িতৰ কাষত উপস্থিত বিধায়ক পদ্ম হাজৰিকা Source: file photo 4/5বানপীড়িত ৰাইজৰ ওচৰত উপস্থিত হৈছে বিধায়ক পদ্ম হাজৰিকাওশেহতীয়া পৰিস্থিতি সন্দৰ্ভত বালিপৰাৰ সাংবাদিক ঋতুপৰ্ণ চক্ৰৱৰ্তীয়ে পঠিওৱা প্ৰতিবেদন অনুসৰি যোৱা নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত জলমগ্ন হৈছে শতাধিক পৰিয়াল। বানপীড়িত ৰাইজৰ ওচৰত পুৱাই আহি উপস্থিত হৈছে বিধায়ক পদ্ম হাজৰিকা। বিধায়ক গৰাকীয়ে উপস্থিত হৈ বানপীড়িত ৰাইজৰ বাবে খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰি দিয়ে। চাৰিদুৱাৰৰ শেহতীয়া বান পৰিস্থিতি অধিক ভয়ানক হৈছে আৰু ঘৰতেই আৱদ্ধ হৈ আছে বহু লোক। ঘটনাস্থলীত SDRFৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ।গড়কপ্তানী পথৰ ওপৰেৰেও বাগৰিছে পানী Source: file photo 5/5ৰাজপথত একঁকাল পৰ্যন্ত পানীমথাউৰি ভাঙি যোৱাৰ ফলত এতিয়া ৰাজপথকে ধৰি ঘৰৰ চোতাল আৰু ভিতৰলৈকে একঁকাল পৰ্যন্ত পানী। Read the Next Article