Assameseপ্ৰধানমন্ত্ৰীৰ পৰা ৰাহুল গান্ধীলৈকে ...। অজিত পাৱাৰৰ মৃত্যুত শোকৰ ছাঁবাৰামাটিত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত কৰুণ মৃত্যু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ। অজিত পাৱাৰৰ মৃত্যুৱে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰাহুল গান্ধীলৈকে সকলোৱে স্মৰণ কৰিছে জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীক।Mrinmoy Talukdar Jan 28, 2026 12:44 ISTFile Photoপ্ৰধানমন্ত্ৰীৰ পৰা ৰাহুল গান্ধীলৈকে ...। অজিত পাৱাৰৰ মৃত্যুত শোকৰ ছাঁ বাৰামাটিত সংঘটিত ভয়ংকৰ বিমান দুৰ্ঘটনাত কৰুণ মৃত্যু মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা NCP নেতা অজিত পাৱাৰৰ। অজিত পাৱাৰৰ মৃত্যুৱে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰাহুল গান্ধীলৈকে সকলোৱে স্মৰণ কৰিছে জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীক।AdvertismentRead More- ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু। নিৰ্বাচনী সভাত অংশ ল’বলৈ বাৰামতীলৈ গৈছিল NCP নেতাজন। বাৰামতীত লেণ্ডিঙৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হয় অজিত পাৱাৰৰ বিমান। এই শোকাৱহ দুৰ্ঘটনাত অজিত পাৱাৰসহ বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী মৃত্যুমুখত পৰিছে। Read More- প্ৰথমে ৪-৫টা বিস্ফোৰণৰ শব্দ তাৰ পাছতেই...। কি ক'লে বিমান দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়েঅজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্নাণ্ডেজৰ। দেৱেন্দ্ৰ ফাৰ্নাণ্ডেজে শোক প্ৰকাশ কৰি লিখিছে, "মোৰ শক্তিশালী আৰু দয়ালু বন্ধু নাইকিয়া হৈ গ'ল!" অজিত দাদা ভাই পাৱাৰৰ মৃত্যু হৈছে অত্যন্ত দুখজনক। ৰাজ্যখনৰ বাবে আজি এটা কঠিন দিন।Read More- ভোটাৰ তালিকাৰ পৰা কিমান মিঞাৰ নাম কৰ্তন হ’ব ? মুখ্যমন্ত্ৰীয়ে দিলে হিচাপৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰ্যালয়ে টুইটাৰত লিখিছে, "মহাৰাষ্ট্ৰৰ বাৰামাটিত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত অজিত পাৱাৰকে ধৰি কেইবাজনো লোকৰ মৃত্যুৰ খবৰটো গভীৰভাৱে দুখজনক। তেওঁৰ পৰিয়াল, সমৰ্থক আৰু শুভাকাংখীসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে লিখিছে, শ্ৰী অজিত পাৱাৰ জী আছিল ৰাইজৰ নেতা, তৃণমূল পৰ্যায়ত সংযোগ থকা এজনশক্তিশালী জননেতা। মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱাৰ ক্ষেত্ৰত আগৰণুৱা এজন কঠোৰ পৰিশ্ৰমী ব্যক্তিত্ব হিচাপে তেওঁক বহুলভাৱে সন্মানিত কৰা হৈছিল। প্ৰশাসনিক বিষয়ৰ প্ৰতি তেওঁৰ বুজাবুজি আৰু দুখীয়া, নিপীড়িত লোকক সবলীকৰণৰ প্ৰতি থকা আৱেগো উল্লেখযোগ্য আছিল। তেওঁৰ অকাল বিয়োগ অতি আচৰিত আৰু দুখজনক। তেওঁৰ পৰিয়াল আৰু অগণন গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।Read More- প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰীৰাহুল গান্ধীয়ে শোকপ্ৰকাশ কৰি লিখিছে, "মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ আৰু তেওঁৰ সতীৰ্থ যাত্ৰীসকলৰ বিমান দুৰ্ঘটনাত মৃত্যুৰ খবৰটো অত্যন্ত যন্ত্ৰণাদায়ক। এই শোকৰ মুহূৰ্তত মই মহাৰাষ্ট্ৰবাসীৰ সৈতে থিয় দিছো। এই দুখৰ সময়ত সমগ্ৰ পাৱাৰ পৰিয়াল আৰু শুভাকাংখীসকললৈ সমবেদনা জ্ঞাপন কৰিছো।"Read More- নেতাৰ পাছে পাছে ঘূৰি দালালী কৰাটো বাদ দি IAS-IPS হোৱাৰ সংকল্প লওককংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই লিখিছে, বিভিন্ন সাংবিধানিক পদত মহাৰাষ্ট্ৰৰ জনসাধাৰণক সেৱা আগবঢ়োৱা অজিত পাৱাৰক পৰম নিষ্ঠা আৰু বুদ্ধিৰে নিজৰ জনসাধাৰণৰ প্ৰতি থকা দায়িত্ব পালন কৰা এজন দক্ষ ৰাজনীতিবিদ হিচাপে স্মৰণ কৰা হ’ব। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।Read More- হাজাৰ হাজাৰ বিমানৰ উৰণ বাতিল! প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত আমেৰিকাৰ জনজীৱনকেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে অজিত পাৱাৰৰ মৃত্যু সন্দৰ্ভত কয়, "অজিত পাৱাৰৰ মৃত্যু দুৰ্ভাগ্যজনক। ৰাজনীতিত তেওঁ মোৰ ঘনিষ্ঠ বন্ধু আছিল আৰু আমাৰ মাজত পাৰিবাৰিক সম্পৰ্কও আছিল। তেওঁৰ মৃত্যুত এক বৃহৎ ক্ষতি। দলৰ হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছো।"Read More- কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰীইফালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শোকপ্ৰকাশ কৰি কয়, "অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত নিজৰ বাবে এক বিশেষ স্থান খোদিত কৰিছিল। এয়া তেওঁৰ পৰিয়াল আৰু ৰাজ্যৰ বাবে এক বৃহৎ ক্ষতি। তেওঁৰ মৃত্যুৱে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰিব।"AdvertismentAdvertisment Read the Next Article