Advertisment

হাজাৰ হাজাৰ বিমানৰ উৰণ বাতিল! প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত আমেৰিকাৰ জনজীৱন

প্ৰচণ্ড তুষাৰপাত আৰু তাৰ মাজতে ধুমুহা। প্ৰকৃতিৰ এই তাণ্ডৱে এতিয়া বিধ্বস্ত কৰি তুলিছে আমেৰিকাৰ কেইবাখনো ৰাজ্য। একাঠুৰ পৰা একঁকাল পৰ্যন্ত বৰফৰ তৰপৰ মাজত আৱদ্ধ হৈ পৰিছে জনতা। ধুমুহাৰ ফলত বিচ্ছিন্ন বিদ্যুত্‍ সেৱা। ইয়াৰ মাজত পণবন্দী প্ৰায় ১৪ কোটি জনতা। 

 File Photo
File Photo

প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত আমেৰিকাৰ জনজীৱন!

প্ৰচণ্ড তুষাৰপাত আৰু তাৰ মাজতে ধুমুহা। প্ৰকৃতিৰ এই তাণ্ডৱে এতিয়া বিধ্বস্ত কৰি তুলিছে আমেৰিকাৰ কেইবাখনো ৰাজ্য। একাঠুৰ পৰা একঁকাল পৰ্যন্ত বৰফৰ তৰপৰ মাজত আৱদ্ধ হৈ পৰিছে জনতা। ধুমুহাৰ ফলত বিচ্ছিন্ন বিদ্যুত্‍ সেৱা। ইয়াৰ মাজত পণবন্দী প্ৰায় ১৪ কোটি জনতা। 

Advertisment

Read More- আমাৰ হাতত ক্ষমতা নাই! ৰাজ্যিক বিজেপিয়ে কাকো টিকট দিব নোৱাৰে - দিলীপ শইকীয়া

আমেৰিকাত তুষাৰপাত আৰু ধুমুহাই বিধ্বংসী ৰূপ ধাৰণ কৰিছে। যাৰ ফলত স্তব্ধ হৈ পৰিছে আমেৰিকাৰ জনজীৱন, ব্যাহত হৈ পৰিছে যাতায়ত আৰু বিদ্যুৎ যোগান। প্ৰকৃতিৰ এই তাণ্ডৱত আমেৰিকাত এইপৰ্য়ন্ত ১৩ হাজাৰতকৈ অধিক বিমানৰ উৰণো বাতিল কৰা হৈছে।

Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা

আমেৰিকাৰ পৰিবহণ সচিব শ্বেন ডাফীয়ে কৰা মন্তব্য অনুসৰি, প্ৰকৃতিৰ এই তাণ্ডৱে প্ৰায় ২৪ কোটি আমেৰিকান লোকক প্ৰভাৱিত কৰিব পাৰে। যাৰ বাবে আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনকে ধৰি ২০খনকৈ ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

Read More- হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰী

আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে আগন্তুক সপ্তাহলৈকে আমেৰিকাত তুষাৰপাত অব্যাহত থাকিব, যাৰ ফলত গাড়ী চলোৱা আৰু খোজ কঢ়াটো বিপদজ্জনক হৈ পৰিব। আনহাতে নিউয়ৰ্ক পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি হামবাৰ্গত ঘণ্টাত ৭০ মাইল বেগত বৰফৰ বতাহ বলি আছিল, ঠিক তেনে সময়তে এগৰাকী মহিলাই নিজৰ ঘৰৰ গেট খুলিবলৈ লওতে বতাহে মহিলাগৰাকীক উৰুৱাই কেইবা মিটাৰ দূৰত পেলাই দিছিল।

Read More- 'কোনো পাকিস্তানী এজেণ্টৰ ওচৰত অসমীয়াই আত্মসমৰ্পণ নকৰে'- মুখ্যমন্ত্ৰী

Advertisment
Advertisment