Advertisment

জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল বোকাখাত আৰক্ষী থানা

জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল হ'ল বোকাখাত আৰক্ষী থানা। লাভ জেহাদৰ দৰে ঘটনাক কেন্দ্ৰ কৰি উত্তাল বোকাখাত আৰক্ষী থানা। লাভ জেহাদৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী হিন্দু ছাত্ৰী। 

 Photograph: (dy365)
Photograph: (dy365)


জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল হ'ল বোকাখাত আৰক্ষী থানা। লাভ জেহাদৰ দৰে ঘটনাক কেন্দ্ৰ কৰি উত্তাল বোকাখাত আৰক্ষী থানা। লাভ জেহাদৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী হিন্দু ছাত্ৰী। 

Advertisment

Also Read......ছাত্ৰী নিবাসৰ বাথৰুমত কোনে লগালে গোপন কেমেৰা?

খবৰ অনুসৰি চলিত মাহৰ ২৩ ফেব্ৰুৱাৰীত বোকাখাতৰ এগৰাকী কলেজীয়া ছাত্ৰী নিৰুদ্দেশ হৈছিল। ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছিল। ছাত্ৰীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, বোকাখাত ৩ নং দ-গাঁৱৰ নিবাসী চাহাবুদ্দিন আহমেদৰ পুত্ৰ আছিক আলীয়ে কলেজীয়া ছাত্ৰীগৰাকীক গাড়ীত বলপূৰ্বকভাৱে উঠাই অপহৰণ কৰিছিল। ঘটনাৰ পাছতেই ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। 

Also Read....গোচৰ খাৰিজ তথাপি সকীয়নি...! হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত কি ক'লে সৰ্বোচ্চ ন্যয়ালয়ে?


ইয়াৰ পাছতেই বোকাখাত আৰক্ষীয়ে আৰম্ভ কৰিছিল অনুসন্ধান। আৰক্ষীৰ অনুসন্ধানত বুধবাৰে কোনো অজ্ঞাত স্থানৰ পৰা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে। ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি প্ৰথমে আদালতত হাজিৰ কৰোৱাই ভাষ্য গ্ৰহণ কৰি পৰিয়ালৰ হাতত চমজাই দিয়ে।

Advertisment

Also Read...অসমত কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? যোৰহাটত মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য...

খবৰ অনুসৰি, এতিয়ালৈকে পলাতক অৱস্থাত আছে আছিক আলী নামৰ যুৱকজন। বোকাখাত আৰক্ষী চকীত পলাতক আছিক আলীৰ পৰিয়ালে ছাত্ৰীগৰাকীক নিজৰ ঘৰলৈ নিবৰ বাবে জোৰ জৱৰদস্তী কৰাত আৰক্ষী চকীতে এক উতপ্ত পৰিৱেশৰ সৃষ্টি হয়। অৱশেষত ছাত্ৰীগৰাকী নিজৰ ঘৰলৈ যাবলৈ মান্তি হোৱাত জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰে বোকাখাত আৰক্ষী থানাৰ চৌহদ ৷

Also Read...'কেৰালা' অতীত... নতুন নাম 'কেৰালাম'

Advertisment
Advertisment