Assamese'কেৰালা' অতীত... নতুন নাম 'কেৰালাম'কেৰালাৰ নাম সলনি কৰি কেৰালাম কৰাৰ প্ৰস্তাৱত অনুমোদন দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত মঙলবাৰে কৰিলে এই ঘোষণা ।Estafur Rahman Feb 25, 2026 15:15 ISTPhotograph: (ndtv, ne now,)এতিয়াৰে পৰা 'কেৰালা'ৰ নাম হ'ব 'কেৰালাম'! নাম সলনিৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদনAdvertismentকেৰালাৰ নাম সলনি কৰি কেৰালাম কৰাৰ প্ৰস্তাৱত অনুমোদন দিলে কেন্দ্ৰীয় মন্ত্ৰীসভাই। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ অন্তত মঙলবাৰে কৰিলে এই ঘোষণা। ২০২৪ বৰ্ষৰ ২৪ জুনত কেৰালাৰ বিধানসভাত সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ নাম সলনিৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল। সেই প্ৰস্তাৱ অনুসৰি কেৰালাৰ নতুন নাম 'কেৰালাম' কৰাৰ দাবী উত্থাপন কৰিছিল কেৰালাৰ পিনাৰায় বিজয়নৰ মন্ত্ৰীসভাই। উল্লেখ্য যে মাত্ৰ কেইটামান দিনৰ পাছতেই কেৰালাত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ তাৰিখ ঘোষণা হ'ব। তাৰ পূৰ্বে ৰাজ্যখনৰ নাম সলনি কৰাৰ এই প্ৰস্তাৱ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাটো এক নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। Also Read....শ্যামকানু, সিদ্ধাৰ্থ শৰ্মা জেলত থকাটো আমাৰ সফলতা-মুখ্যমন্ত্ৰীকেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ লগে লগে কেৰালাৰ নাম সলনিৰ প্ৰক্ৰিয়াত এটা ডাঙৰ বাধা দূৰ হ'ল। পৰৱৰ্তী পদক্ষেপ হিচাপে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কেৰালাৰ নাম সলনি সম্পৰ্কীয় বিধেয়কখন মতামত গ্ৰহণৰ বাবে ৰাজ্যিক বিধানসভালৈ প্ৰেৰণ কৰিব। ৰাজ্যৰ বিধানসভাই নিজৰ মতামত প্ৰকাশ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ মতে বিধেয়কখন সংসদত উত্থাপন কৰাৰ উদ্যোগ ল’ব।Advertismentকেৰালাক মালয়ালম ভাষাত কেৰালাম বুলি কোৱা হয়। সেই অনুসৰি ২০২৪ চনৰ ২৪ জুনত কেৰালা বিধানসভাত ৰাজ্যখনৰ পুনঃনামাকৰণ কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত হয়। প্ৰস্তাৱটোত যুক্তি দিয়া হৈছিল যে ৰাজ্যখনৰ চৰকাৰী নাম, অৰ্থাৎ মালয়ালম নামে ৰাজ্যখনৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয়ক ভালদৰে প্ৰতিফলিত কৰিব পাৰিব।Also Read...হিন্দী চিনেমাৰ দৰে...! চকুৰ সন্মুখত হ'বলগীয়া পত্নীক দলবদ্ধ ধৰ্ষণইফালে কেৰালাৰ নাম সলনিৰ প্ৰক্ৰিয়াক লৈ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কেন্দ্ৰক সমালোচনা কৰি কয় যে, 'কেন্দ্ৰীয় চৰকাৰে নাম সলনি কৰাতহে বেছি গুৰুত্ব দিয়ে কিন্তু প্ৰকল্পৰ ওপৰত নহয়'। শশী থাৰুৱে লগতে আৰু কয়, 'কেৰালা ইতিমধ্যে মালয়ালম ভাষাত ‘কেৰালাম’ হৈয়ে আছে, ইয়াৰ পাছতো ৰাজ্যখনৰ নাম সলনি কৰাৰ কোনো প্ৰয়োজনীয়তা নাই'। 'চৰকাৰে আমাক AIIMS বা কোনো নতুন প্ৰতিষ্ঠান দিয়া নাই'। 'কেন্দ্ৰীয় বাজেটতো তেওঁলোকে আমাক কোনো প্ৰকল্প দিয়া নাই'। 'কিন্তু নাম সলনিৰ কথা আহিলে তেওঁলোকে ইয়াক অনুমোদন দিবলৈহে বেছি ইচ্ছুক হৈ পৰে'।AdvertismentAdvertismentAdvertisment Read the Next Article