Assameseহিন্দী চিনেমাৰ দৰে...! চকুৰ সন্মুখত হ'বলগীয়া পত্নীক দলবদ্ধ ধৰ্ষণভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম। হ'বলগীয়া স্বামীৰ চকুৰ সন্মুখতেই এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰিলে ৭টাকৈ পাষণ্ডই। শিলচৰৰ চেংকুৰি বাইপাছত সংঘটিত হৈছে এই ভয়ংকৰ দলবদ্ধ ধৰ্ষণকাণ্ড।Naba Gogoi Feb 24, 2026 16:26 ISTPhotograph: (file)কিমান সুৰক্ষিত অসমৰ নাৰী-যুৱতী...? হ'বলগীয়া স্বামীৰ চকুৰ সন্মুখতেই যুৱতীক দলবদ্ধ ধৰ্ষণশিলচৰত গাৰ নোম শিহঁৰি উঠা ঘটনা। যি ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অসম। হ'বলগীয়া স্বামীৰ চকুৰ সন্মুখতেই এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰিলে ৭টাকৈ পাষণ্ডই। শিলচৰৰ চেংকুৰি বাইপাছত সংঘটিত হৈছে এই ভয়ংকৰ দলবদ্ধ ধৰ্ষণকাণ্ড। হ'বলগীয়া স্বামীৰ সন্মুখতেই যুৱতীগৰাকীক এটা এটাকৈ ৭টা পাষণ্ডই চলালে পাশৱিক নিৰ্যাতন৷ এনে গুৰুতৰ অভিযোগৰ পিছতে ঘটনাৰে জড়িত থকা নিলোৎপল দাস নামৰ এটা লম্পটক গ্ৰেপ্তাৰ কৰিছে শিলচৰ সদৰ আৰক্ষীয়ে। Advertismentঅপৰাধীৰ স্বৰ্গৰাজ্যত পৰিণত হোৱা শিলচৰ বাইপাছত সংঘটিত এই নাৰকীয় ঘটনাই বহু প্ৰশ্নৰ উদ্বেগ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জিলা ভ্ৰমণক লৈ সমগ্ৰ কাছাৰ আৰক্ষী হাই-এলাৰ্ট হৈ থকাৰ মাজতে যোৱা ১৯ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে নিশা সাতজনীয়া এটা নৰপশুৰ দলে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰ্যাতিতা যুৱতীগৰাকীৰ ভাষ্য অনুসৰি, অতি শীঘ্ৰেই তেওঁৰ বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত যুৱতীগৰাকীয়ে তেখেতৰ হ'বলগীয়া স্বামীৰ সৈতে এখন গাড়ীৰে ফুৰিবলৈ গৈছিল। শিলচৰ চেংকুৰী বাইপাছত গাড়ীখন ৰখাই তেওঁলোকে কথা পাতি থকা অৱস্থাতে এখন থাৰ (Thar) বাহনত অহা সাতজনীয়া এটা দুষ্কৃতিকাৰীৰ দল সেই স্থানত উপস্থিত হয়। হঠ্যৎ উপস্থিত হোৱা দুষ্কৃতিকাৰীৰ দলটোৱে গাড়ীৰ পৰা নামি যুৱক-যুৱতীৰ ওপৰত জপিয়াই পৰে। চোকা অস্ত্ৰৰে ভাবী স্বামীক টানি-আঁজুৰি কিছু দূৰলৈ নি আৱদ্ধ কৰি ৰাখে। ইয়াৰ পিছতে যুবতীগৰাকীৰ ভাবী স্বামীৰ চকুৰ সম্মুখত এটা এটাকৈ ৭ পাষণ্ডই যুৱতীগৰাকীৰ ওপৰত চলায় পাশৱিক নিৰ্যাতন। বাধা দিবলৈ চেষ্টা কৰিলে যুৱতীগৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে মোবাইল ফোনো কাঢ়ি লয়, লগতে ১০ হাজাৰ টকা লুটি লৈ যায় দলটোৱে। ভয়ংকৰ আৰু গাৰ নোম শিহৰি উঠা এই ঘটনাৰ পিছত ধৰ্ষিতা যুৱতীগৰাকীয়ে শিলচৰ সদৰ আৰক্ষী চকীত ৰুজু কৰিছে এক গোচৰ। জানিব পৰা মতে, সাত অভিযুক্তৰ ভিতৰত এজনক যুৱতীগৰাকীয়ে চিনি পাইছে। অভিযুক্ত যুৱকজন শিলচৰৰ আশ্ৰম ৰোড অঞ্চলৰ নিলোৎপল দাস বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি সোধাপোছা চলাই গৈছে। also read: 'চিন্তা কৰিব নালাগে, ভূপেন বৰাৰ ভাল দিন আহিব'- মুখ্যমন্ত্ৰীইফালে এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে আৰক্ষী নিশ্চিত হ'ব পৰা নাই যে এয়া দলবদ্ধ ধৰ্ষণৰ ঘটনা নে আন কিবা। আৰক্ষীৰ মতে, মেডিকেল ৰিপ'ৰ্ট অহাৰ পাছতহে সকলো অভিযোগ স্পষ্ট হ'ব।AdvertismentAdvertisment Read the Next Article