Advertisment

'চিন্তা কৰিব নালাগে,  ভূপেন বৰাৰ ভাল দিন আহিব'- মুখ্যমন্ত্ৰী

‘বিজেপিত এতিয়া কোনোধৰণৰ ভেকেন্সী নাই। ৮০খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থীতালিকা চূড়ান্ত হৈছে। বিহপুৰীয়া নাইবা ৰঙানদী সমষ্টিত বিজেপি প্ৰাৰ্থী হ’ব পাৰে ভূপেন বৰা’- মুখ্য়মন্ত্ৰী।

 File Photo
File Photo

'চিন্তা কৰিব নালাগে,  ভূপেন বৰাৰ ভাল দিন আহিব'- মুখ্যমন্ত্ৰী
 

‘বিজেপিত এতিয়া কোনোধৰণৰ ভেকেন্সী নাই। ৮০খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থীতালিকা চূড়ান্ত হৈছে। বিহপুৰীয়া নাইবা ৰঙানদী সমষ্টিত বিজেপি প্ৰাৰ্থী হ’ব পাৰে ভূপেন বৰা’- মুখ্য়মন্ত্ৰী।

Advertisment

Read More- জুবিনক্ষেত্ৰত সুৰাপায়ীৰ উদ্ভণ্ডালি! গ্ৰেপ্তাৰ আলম আলী, মুকুট দাস, ৰঞ্জিত দাস

২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিছিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। ভূপেন বৰাই বিজেপিত যোগদানৰ পাছতেই কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল তাক লৈ চৰ্চা চলিছিল। বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ পৰা ভূপেন বৰাই নিৰ্বাচন খেলিব বুলি সংবাদমাধ্যমত বাতৰি প্ৰচাৰো হৈছিল। 

Read More- আচৰিত! মুছলমান বাবেই মহিলাৰ পৰা কম্বল কাঢ়ি নিলে বিজেপি নেতাই

Advertisment

কিন্ত ন-বিজেপি ভূপেন বৰাক লৈ অসন্তুষ্ঠ বিজেপিৰ তৃণমূল কৰ্মী। স্পষ্টকৈ ক'ব বিচাৰিলে ভূপেন বৰাক এতিয়াও গ্ৰহণ কৰা নাই বিজেপিৰ একাংশ তৃণমূল কৰ্মীয়ে। কাৰণ দীৰ্ঘদিন ধৰি সমষ্টিটোত বিজেপিৰ অন্যান্য প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে কাম কৰি আহিছে। গতিকে কংগ্ৰেছৰ পৰা পেৰাচ্যুত লেণ্ডিং কৰি বিজেপিৰ টিকট লৈ বিহপূৰীয়াত নিৰ্বাচন খেলিবলৈ মন মেলা ভূপেন বৰাক সহজভাৱে লোৱা নাই বিজেপিৰ তৃণমূল কৰ্মীয়ে। 

Read More- আঁকোৰগোজ অখিল-গৌৰৱ! অখিলৰ প্ৰশ্ন- কংগ্ৰেছক কোনে ভোট দিব?

তাৰ মাজতেই ভূপেন বৰাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মতে, 'বিহপুৰীয়াত বিজেপি দলে এজন ভাল প্ৰাৰ্থীক টিকট দিব। ভূপেন বৰা যিহেতু বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল গতিকে ভূপেন বৰাৰ নামো বিবেচনাত আহিব। কেৱল বিহপুৰীয়াই নহয়, ৰঙানদী সমষ্টিতো ভূপেন বৰাৰ নাম বিবেচনা কৰিব বিজেপিৰ নেতৃত্বই'। 

Read More- 'আমাৰ ল'ৰাটোক এনেদৰে ৰখাত বৰ কষ্ট পাইছো'। জুবিনক্ষেত্ৰলৈ আহি ক্ষোভ অনুৰাগীৰ

Advertisment

লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য, 'এইপৰ্য়ন্ত বিজেপিৰ ৮০খন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত হৈছে। বিজেপিত কোনে কোনে টিকট পাব সকলোবোৰ সিদ্ধান্ত হৈছে। তালিকাখন এবাৰ দিল্লীলৈ পঠালেই সকলো ঠিক হ'ব। আনহাতে বিজেপিত এতিয়া আসনৰ কোনো ভেকেন্সী নাই'।

Read More- কংগ্ৰেছ বিজেপিৰ 'A' টীম, 'অখিল-লুৰীণ হিমন্তৰ মানুহ- সৰৱ আজমল

কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে- 'কংগ্ৰেছৰ পৰা মই যেতিয়া পদত্যাগ কৰিছিলো সেই সময়তো কংগ্ৰেছী সকলে মোক লৈ এনেদৰেই নাটক কৰিছিল যি নাটক এতিয়া ভূপেন বৰাক লৈ কৰিছে। আৰু চাওঁক কংগ্ৰেছৰ পৰা পদত্যাগ কৰি আজি মই অসমৰ মুখ্যমন্ত্ৰী । গতিকে চিন্তা কৰিব নালাগে এতিয়া ভূপেন বৰাৰো ভাল দিন আহিব'।

Advertisment
Advertisment