Assameseকংগ্ৰেছ বিজেপিৰ 'A' টীম, 'অখিল-লুৰীণ হিমন্তৰ মানুহ- সৰৱ আজমল'অখিল-লুৰীণ হিমন্তৰ মানুহ। ভূপেন বৰা হিমন্তৰ এজেণ্ট বুলি ৫ বছৰ ধৰি কৈ আছিলোঁ'। কংগ্ৰেছক বিজেপিৰ 'A' টীম আখ্যা দি আজমলে ক'লে- 'এদিন AIUDFত যোগদান কৰিব হিমন্ত বিশ্ব শৰ্মাই'। Mrinmoy Talukdar Feb 23, 2026 17:56 ISTকংগ্ৰেছ বিজেপিৰ 'A' টীম, 'অখিল-লুৰীণ হিমন্তৰ মানুহ- সৰৱ আজমল'অখিল-লুৰীণ হিমন্তৰ মানুহ। ভূপেন বৰা হিমন্তৰ এজেণ্ট বুলি ৫ বছৰ ধৰি কৈ আছিলোঁ'। কংগ্ৰেছক বিজেপিৰ 'A' টীম আখ্যা দি আজমলে ক'লে- 'এদিন AIUDFত যোগদান কৰিব হিমন্ত বিশ্ব শৰ্মাই'। AdvertismentRead More- 'ইতিহাস হ'বলৈ গৈ আছে ভূপেন বৰা', সৰৱ মীৰা বৰঠাকুৰ'২৬ৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে পুনৰ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হৈছে মৌলানা বদৰুদ্দিন আজমল। নিজকে বাঘ বুলি উল্লেখ কৰি AIUDF প্ৰধান গৰাকীয়ে ক'লে- '২০২১ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছ আৰু AIUDF মিত্ৰজোঁটক বৰ্বাদ কৰিছিল। পঞ্চায়ত নিৰ্বাচন খেলিবলৈ প্ৰাৰ্থী নথকা কংগ্ৰেছে কেনেকৈ এইবাৰৰ নিৰ্বাচনত জয়লাভ কৰিব'? প্ৰশ্ন আজমলৰ। Read More- আঁকোৰগোজ অখিল-গৌৰৱ! অখিলৰ প্ৰশ্ন- কংগ্ৰেছক কোনে ভোট দিব?লগতে আজমলে ক'লে- 'মই বাৰাম্বাৰ কৈ আহিছো অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ। ৫ বছৰ ধৰি কৈ মই কৈ আছিলোঁ ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। কংগ্ৰেছৰ প্ৰায়বোৰ নেতা হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিক্ৰী হৈছে'। লগতে '২৬ৰ নিৰ্বাচনত বিন্নাকান্দি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কথাও ঘোষণা কৰিলে আজমলে।Read More- তিক্ততা বহুত থাকিব কিন্তু..., ভূপেন বৰাক শুভেচ্ছা মুখ্যমন্ত্ৰীৰAdvertismentনিজকে বাঘ বুলি উল্লেখ কৰি আজমলে ক'লে- 'বাঘ সদায় বাঘেই। আগন্তুক নিৰ্বাচনত মই বাঘৰ দৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম। হিমন্ত বিশ্ব শৰ্মাই মিঞাক লৈ কৰি থকা ৰাজনীতি কোনে মানুহে ভাল পোৱা নাই। অনবৰতে মিঞাৰ কথা কৈ থকা হিমন্ত বিশ্ব শৰ্মাই এদিন যোগদান কৰিব AIUDFত। কাৰণ কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা অব্যাহতি দিলে কান্দি কান্দি AIUDFলৈ আহিব হিমন্ত বিশ্ব শৰ্মা'। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই ভৱিষ্যতবাণী বদৰুদ্দিন আজমলৰ।AdvertismentAdvertisment Read the Next Article