Advertisment

ভূপেন বৰা চালানী!

ভূপেন বৰাক চালানী আখ্যা দি বিহপুৰীয়াত একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ। 'চালানী হাতাও বিহপুৰীয়া বাচাও' শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদী বিজেপি কৰ্মীৰ।

ভূপেন বৰা চালানী!


'চালানী হাতাও বিহপুৰীয়া বচাও'


বিজেপি কৰ্মীয়ে দিলে শ্ল'গান

ভূপেন বৰাক চালানী আখ্যা দি বিহপুৰীয়াত একাংশ বিজেপি কৰ্মীৰ প্ৰতিবাদ। 'চালানী হাতাও বিহপুৰীয়া বাচাও' শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদী বিজেপি কৰ্মীৰ।

Advertisment

ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে বিহপুৰীয়াত লোকেল প্ৰাৰ্থী আৰু চালানী প্ৰাৰ্থীৰ প্ৰসংগই চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। বিহপুৰীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী হিচাপে ভূপেন বৰাৰ নাম চৰ্চালৈ অহাৰ পিছতেই একাংশ বিজেপি নেতা-কৰ্মী অসন্তুষ্ট হৈ উঠিছে। এইবাৰ বিহপুৰীয়াত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজে বিচৰা মন পচন্দৰ এজনক প্ৰাৰ্থী দিয়াতো বিচাৰিছে দলৰ একাংশ কৰ্মীয়ে। প্ৰতিবাদী সভা আৰু সমদলেৰে ভূপেন বৰাৰ প্ৰাৰ্থিত্ব গ্ৰহণ নকৰাৰ হুংকাৰ দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী একাংশ বিজেপি কৰ্ম-কৰ্তাই। 

Also Read: হত্যাকাণ্ডৰে জড়িত ৩ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

বিহপুৰীয়াত খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰাৰ্থিত্ব দিয়াৰ দাবী প্ৰতিবাদী বিজেপি কৰ্মীসকলৰ। ভূপেন বৰাৰ বিজেপিত যোগদানৰ পিছতে বিহপুৰীয়া বিজেপিত অব্যাহত প্ৰতিষ্ঠান বিৰোধী ঢৌ! ৰাজ্যিক বিজেপিয়ে ভূপেন বৰাক আদৰি ল'লেও আদৰি লোৱা নাই বিহপুৰীয়াবাসীয়ে। একাংশ স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী ক্ষোভিত হৈ বৰ্তমানো অব্যাহত ৰাখিছে প্ৰতিবাদ। দলীয় সমৰ্থকে চালানী প্ৰাৰ্থীক হতোৱাৰ শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে বিহপুৰীয়া সমষ্টিত। স্থানীয় একাংশ দলীয় নেতা-কৰ্মীয়েও যেন ভূপেন বৰাক বিচৰা নাই বিহপুৰীয়াত। যাৰ বাবে পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহি ভূপেন বৰাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। 

Also Read: মানাহ উইণ্টাৰ ফেষ্টিভেল

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগন্তুক বিধানসভা নিৰ্বাচনত বিহপুৰীয়াত এজন ৰাইজে বিচৰা খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰাৰ্থিত্ব দিয়াৰ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে। 

Advertisment
Advertisment
Advertisment