Assameseটেট উত্তীৰ্ণ বঞ্চিত প্ৰাৰ্থীক প্ৰতাৰণা বড়োভূমিৰ চৰকাৰৰ!BTCৰ টেট উত্তীৰ্ণ বঞ্চিত প্ৰাৰ্থীৰ ক্ষোভ। চৰম হতাশাত ভুগিছে বিটিচিৰ হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী। বিটিচি চৰকাৰে বাৰম্বাৰ চৰম বঞ্চনা, প্ৰতাৰণা কৰাৰ অভিযোগ চাকৰি বঞ্চিত প্ৰাৰ্থীৰ। Jyotiprasad Sarma Feb 24, 2026 11:56 ISTটেট উত্তীৰ্ণ বঞ্চিত প্ৰাৰ্থীক প্ৰতাৰণা বড়োভূমিৰ চৰকাৰৰ! Photograph: (DY365)টেট উত্তীৰ্ণ বঞ্চিত প্ৰাৰ্থীক প্ৰতাৰণা বড়োভূমিৰ চৰকাৰৰ!সমাগত নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰBTCৰ টেট উত্তীৰ্ণ বঞ্চিত প্ৰাৰ্থীৰ ক্ষোভ। চৰম হতাশাত ভুগিছে বিটিচিৰ হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী। বিটিচি চৰকাৰে বাৰম্বাৰ চৰম বঞ্চনা, প্ৰতাৰণা কৰাৰ অভিযোগ চাকৰি বঞ্চিত প্ৰাৰ্থীৰ। অনতিপলমে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী সদৌ বিটিচি টেট উত্তীৰ্ণ সন্থাৰ। অন্যথা আগন্তুক বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ বিটিচিৰ বঞ্চিত টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ।AdvertismentAlso Read: ১ লাখ ২০ হাজাৰৰো অধিক পক্ষীওদালগুৰিৰ ৰৌতাত সংবাদমেল সম্বোধন বিটিচি টেট উত্তীৰ্ণ সন্থাৰ। বঞ্চিত প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ দাবী বিটিচি টেট উত্তীৰ্ণ সন্থাৰ। উল্লেখ্য যে, বিগত ২০২৩ বৰ্ষতে উত্তীৰ্ণ হোৱা টেট প্ৰাৰ্থীৰ প্ৰায় ১৩ হাজাৰ মেধাৱী যুৱক-যুৱতী নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছে। বিগত প্ৰমোদ বড়ো চৰকাৰে প্ৰাৰ্থীসকলক নিযুক্তিৰ প্ৰতিশ্ৰুতি দিও ব্যৰ্থ হৈছিল। নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীসকলৰ নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰি প্ৰমোদ বড়ো চৰকাৰে চৰম প্ৰতাৰণা কৰাৰ অভিযোগ এই সকল বঞ্চিত প্ৰাৰ্থীৰ।Also Read: ভয়ংকৰ, শোকাৱহ! বিমান দুৰ্ঘটনাত ৭ জনৰ কৰুণ মৃত্যুকিন্তু দুৰ্ভাগ্যজনকভাৱে বৰ্তমানৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰেও একেই পন্থা অৱলম্বন কৰাৰ আশংকা প্ৰকাশ কৰে সদৌ বিটিচি টেট উত্তীৰ্ণ সন্থাই। পূৰ্বৰ চৰকাৰখনে প্ৰাৰ্থীসকলৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছতো চলিত মাহৰ ১৮ ফেব্ৰুৱাৰীত পুনৰ হাগ্ৰামা মহিলাৰীৰ শিক্ষা বিভাগে নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰে যদিও আজিকোপতি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা নাই। বিটিচি শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীৰ শেহতীয়া কিছু মন্তব্যত চৰম হতাশাত ভুগিছে এইসকল টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে। ৰবিৰাম নাৰ্জাৰীয়ে তাৰিখৰ পিছত তাৰিখ দি থকা কাৰ্যত ক্ষুণ্ম হৈ পৰিছে এইসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী। কাৰ্যবাহী সদস্যগৰাকীৰ স্থিতি স্পষ্ট কৰাৰো দাবী উত্থাপন কৰে সন্থাই। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন নকৰিলে বিটিচিৰ ১৩ হাজাৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ প্ৰদান কৰে সদৌ বিটিচি টেট উত্তীৰ্ণ সন্থাই।AdvertismentAdvertisment Read the Next Article