Advertisment

১ লাখ ২০ হাজাৰৰো অধিক পক্ষী

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে ১ লাখ ২০ হাজাৰৰো অধিক পক্ষী৷ ইয়াৰে ১০২ বিধ পৰিভ্ৰমী পক্ষী৷ ২০২৬ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত হোৱা পক্ষী গণনাত এই তথ্য পোহৰলৈ আহে৷ 

 ১ লাখ ২০ হাজাৰৰো অধিক পক্ষী Photograph: (DY365)
১ লাখ ২০ হাজাৰৰো অধিক পক্ষী Photograph: (DY365)

১ লাখ ২০ হাজাৰৰো অধিক পক্ষী


পক্ষী গণনাত প্ৰকাশ তথ্য

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে ১ লাখ ২০ হাজাৰৰো অধিক পক্ষী৷ ইয়াৰে ১০২ বিধ পৰিভ্ৰমী পক্ষী৷ ২০২৬ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত হোৱা পক্ষী গণনাত এই তথ্য পোহৰলৈ আহে৷ 

Advertisment

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে যোৱা ৬টা বছৰ ধৰি পক্ষী গণনা কৰি আহিছে৷ প্ৰতি বছৰেই কৰি অহা পক্ষী গণনাত নতুন নতুন পৰিভ্ৰমী পক্ষীৰ তথ্য লাভ কৰিছে পক্ষী গণনাকাৰীয়ে৷ পৰিভ্ৰমী এই পক্ষীসমূহ মংগোলিয়া, ৰাছিয়া আদি দেশৰ পৰা নৱেম্বৰ, ডিচেম্বৰত কাজিৰঙালৈ আহে। ফেব্ৰুৱাৰী মাহত এইসমূহ পৰিভ্ৰমী চৰাই পুনৰ উভতি যায়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অঞ্চলত তিনিশৰো অধিক বিল আৰু জলাশয় আছে৷ এই বিলসমূহত শীতকাল আৰম্ভ হোৱাৰ লগে লগে স্থানীয় পক্ষীসমূহৰ লগতে পৰীভ্ৰমী পক্ষীসমূহৰ কাজিৰঙালৈ আগমন ঘটে৷ এই সময়ছোৱাতে উদ্যান কতৃপক্ষই পক্ষী গণনাৰ কাম আৰম্ভ কৰে৷ এই গণনাত পোহৰলৈ আহে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ লাখ ২০ হাজাৰৰো অধিক পক্ষী থকাৰ তথ্য। 

শীতকালত অত্যাধিক শীত আৰু খাদ্যৰ অভাৱৰ পৰা হাত সাৰিবলৈ সুদূৰ মংগোলিয়া, ৰাছিয়া, চাইবেৰিয়া, চীন আদি দেশৰ পৰা অসম তথা ভাৰতৰ জলাশয়বোৰলৈ উৰি অহে পৰিভ্ৰমী চৰাইবোৰ। এই চৰাইবোৰে সাধাৰণতে ব্ৰহ্মপুত্ৰৰ পাৰ, কাজিৰঙা, পবিতৰা, পানীদিহিং আদি অঞ্চলত আশ্ৰয় লয় আৰু শীতকালত ৰাজ্যখনৰ পৰিৱেশ নান্দনিক কৰি তোলে।

আনহাতে দেশী-বিদেশী পক্ষী বিশেষজ্ঞৰ বাবে পুনৰ মুকলি হ’ল ১৫০বিধ ভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি কাজিৰঙাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল৷ ফাগুন মাহত অধিক সংখ্যক ভিন্ন প্ৰজাতিৰ পক্ষীৰ লগতে গিবনকে ধৰি আন কিছু বন্যপ্ৰাণীৰ প্ৰয়োভৰ থকা পাণবাৰী সংৰক্ষিত বনাঞ্চলত এতিয়াৰে পৰা পক্ষী বিশেষজ্ঞই দৰ্শনৰ লগতে অধ্যয়ন কৰিব পাৰিব পক্ষী৷ মুকলিৰ প্ৰথম দিনটোত উপস্থিত থাকে আই ইউ চি এনৰ প্ৰতিনিধি বিবেক মেনন৷ মঙলবাৰে পুৱা পাণবাৰীৰ প্ৰৱেশদ্বাৰৰ ফিটা কাটি মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোণালী ঘোষে৷

Advertisment
Advertisment
Advertisment