Assameseপৰিভ্ৰমী চৰাই নিধনমাজুলীত পৰিভ্ৰমী চৰাই নিধনৰ সন্দেহত মহিলাসহ ১৭গৰাকীক আটক কৰে আৰক্ষীয়ে। মাজুলীৰ বিভিন্ন জলাশয়ত মাৰাত্মক ফুৰাদনৰ দৰে বিহ প্ৰয়োগ কৰি পক্ষী নিধন কৰাসকলক ধৰিলে বনগাঁও আৰক্ষীয়ে।Jyotiprasad Sarma Jan 27, 2026 13:43 ISTপৰিভ্ৰমী চৰাই নিধন Photograph: (DY365)পৰিভ্ৰমী চৰাই নিধনআৰক্ষীৰ জালত মহিলাসহ ১৭গৰাকী মাজুলীত পৰিভ্ৰমী চৰাই নিধনৰ সন্দেহত মহিলাসহ ১৭গৰাকীক আটক কৰে আৰক্ষীয়ে। মাজুলীৰ বিভিন্ন জলাশয়ত মাৰাত্মক ফুৰাদনৰ দৰে বিহ প্ৰয়োগ কৰি পক্ষী নিধন কৰাসকলক ধৰিলে বনগাঁও আৰক্ষীয়ে।Advertismentশীতৰ আগমনৰ লগে লগে মাজুলীৰ নৈ, খাল, বিল, জলাশয় আদিত আলহী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰে। এনে পৰিভ্ৰমী চৰাই এতিয়া একাংশ দুষ্কৃতিকাৰীৰ বাবে মৃত্যুমুখত পৰিবলগা হৈছে। মাজুলীত পৰিভ্ৰমী পক্ষী নিধন কাৰ্যত জড়িত থকাৰ সন্দেহত ১৭গৰাকীকৈ লোকক আটক কৰে আৰক্ষীয়ে। Also Read: ড্ৰাগছ সৰবৰাহত চৰকাৰী কৰ্মচাৰীমাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধনদিয়াৰ নেতৃত্বত মাজুলী বন বিভাগৰ সহযোগত আটক কৰে মহিলাসহ ১৭গৰাকী দুষ্কৃতিকাৰীক। দীৰ্ঘদিন ধৰি মাজুলীৰ বিভিন্ন জলাশয়ত ফুৰাদনৰ দৰে বিহ প্ৰয়োগেৰে দুষ্কৃতিকাৰীয়ে পৰিভ্ৰমী পক্ষী নিধন কৰি আহিছিল। বিহ দি পক্ষী নিধন কৰা কাৰ্যত জড়িত থকাৰ সন্দেহত আটাইকে আটক কৰি মাজুলীৰ বনগাঁও আৰক্ষী থানাত সোধাপাছা অব্যাহত ৰাখিছে। ফুৰাদন খাই অসুস্থ হোৱা কেইবাটাও পৰভ্ৰমী পক্ষী আৰক্ষী আৰু বিন বিভাগৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মাজুলীৰ প্ৰকৃতিপ্ৰেমী সংগঠন, সচেতন লোকে পৰিভ্ৰমী পক্ষী নিধন কাৰ্যত জড়িত আটাইকে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।Also Read: আজি বাথৌ পূজাউল্লেখ্য যে, পৰিভ্ৰমী চৰাই হ’ল সেইবোৰ চৰাই যিবোৰে ঋতু পৰিৱৰ্তনৰ লগে লগে খাদ্য আৰু উপযুক্ত পৰিবেশৰ সন্ধানত হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এক নিৰ্দিষ্ট স্থানৰ পৰা আন এক স্থানলৈ ভ্ৰমণ কৰে। শীতকালত অসমৰ জলাশয়সমূহত ছাইবেৰিয়া আদি ঠাইৰ পৰা অহা ধৃতৰাজ, দেওহাঁহ, বগজাতীয় চৰাই উল্লেখযোগ্য। প্ৰধানকৈ শীতকালত অতিমাত্ৰা ঠাণ্ডা আৰু খাদ্যৰ নাটনিৰ বাবে এই চৰাইবোৰ তুলনামূলকভাৱে গৰম ঠাইলৈ আহে। অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত এই চৰাইবোৰৰ আগমন ঘটে। অসমৰ কাজিৰঙা, পবিতৰা, ওৰাং, মানাহ আদি ৰাষ্ট্ৰীয় উদ্যানৰ জলাশয়সমূহত এই সময়ছোৱাত দেখা পোৱা যায় নান পৰিভ্ৰমী চৰাই। AdvertismentAdvertisment Read the Next Article