Advertisment

আজি বাথৌ পূজা

আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়ো আৰু কছাৰীসকলৰ পবিত্ৰ উৎসৱ হৈছে এই বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক ধৰ্মীয় আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়।

 আজি বাথৌ পূজা Photograph: (DY365)
আজি বাথৌ পূজা Photograph: (DY365)

আজি বাথৌ পূজা

আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়ো আৰু কছাৰীসকলৰ পবিত্ৰ উৎসৱ হৈছে এই বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক ধৰ্মীয় আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়।

Advertisment

বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈৱেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যতবাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়। 

Also Read: ড্ৰাগছ সৰবৰাহত চৰকাৰী কৰ্মচাৰী

মূল বেদীৰ সিজু গছৰ তলতে এখন কলৰ পাত পাৰি তাৰ ওপৰত তামোল-পাণ এযোৰা, এ আখি কল, ধূপ-ধূনা আৰু শলিতা জ্বলাই দিয়া হয়। তাতেই খৌৰিয়া বৌৰায় খৌৰিয়া বুৰি বাথৌ মহাৰাজক আসন দিয়া হয়। মূল বেদীটোৰ পৰা বাওঁফালে আগবঢ়াই লৈ যোৱা আলিটোৰ ওপৰত সৰু সৰুকৈ কলপাত পাৰি তাৰ ওপৰত তামোল-পাণ দি, ধূপ-ধূনা জ্বলাই খেৰায়ৰ অন্যান্য দেৱ-দেৱীৰ আসন দিয়া হয়।

বড়ো জনগোষ্ঠীৰ পবিত্ৰ লোক উত্‍সৱ বাথৌ পূজা উপলক্ষ্যে আজি বাথৌ বন্দনাৰে মুখৰিত হ’ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত। বাক্সাৰ মুছলপুৰৰ বাথৌপুৰত দেখা গ'ল উখল-মাখল পৰিৱেশ। আজিৰে পৰা ১০ দিনীয়া কাৰ্যসূচীৰে বাথৌপুৰিত আৰম্ভ হৈছে পূজা। পূজাৰ বাকৰিত ১২খন পতাকা উত্তোলনৰ পিছতেই বাথৌ বন্দনা পৰিৱেশন। অসমবাসীৰ মংগল হওক তাকে বাথৌৰ ওচৰত কামনা কৰে বড়ো জনগোষ্ঠীৰ প্ৰতিগৰাকী লোকে৷

Also Read: হাজাৰ হাজাৰ বিমানৰ উৰণ বাতিল! প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত আমেৰিকাৰ জনজীৱন

উল্লেখ্য যে, বাথৌ পূজাৰ শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাথৌ পূজাৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত লিখিছে... বড়ো সমাজৰ অতি হেঁপাহৰ উৎসৱ গৌথাৰ বাথৌ চানৰ বড়ো ভাই-ভনীসকলৰ লগতে অসমবাসীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ৷ মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে পালন কৰা এই ভব্য উৎসৱটিত সকলোৰে কল্যাণ, সমৃদ্ধি আৰু সুখ-শান্তি কামনা কৰি বাথৌ দেৱতালৈ শতকোটি প্ৰণাম জনাই আশীৰ্বাদ বিচাৰিলোঁ৷

Advertisment
Advertisment