Assameseড্ৰাগছ সৰবৰাহত চৰকাৰী কৰ্মচাৰীৰাজ্যত অব্যাহত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা! এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে চৰকাৰী কৰ্মচাৰী। ড্ৰাগছ সৰবৰাহৰ অপৰাধত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। Jyotiprasad Sarma Jan 27, 2026 12:50 ISTড্ৰাগছ সৰবৰাহত চৰকাৰী কৰ্মচাৰী Photograph: (DY365)ড্ৰাগছ সৰবৰাহত চৰকাৰী কৰ্মচাৰীবুজন পৰিমাণৰ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ ৪ৰাজ্যত অব্যাহত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা! এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে চৰকাৰী কৰ্মচাৰী। ড্ৰাগছ সৰবৰাহৰ অপৰাধত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। Advertismentড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত। পুনৰ কাছাৰত বুজন পৰিমাণৰ য়াবা টেবলেটসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগ্ৰছ সৰবৰাহকাৰীক। ভাৰত-বাংলাদেশ সীমান্তৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৰ ৰাজাটিলাৰ তাজ উদ্দিন নামৰ এজন লোকৰ ঘৰত অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে তাজ উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘৰৰ পৰা এটা বাকচত লুকাই থোৱা অৱস্থাত ১০ হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয়৷ লগতে আৰক্ষীয়ে জব্দ কৰে দুখন বাইক, এখন টাটা ছুমু আৰু তিনিটা মোবাইল ফোন। Also Read: প্ৰকৃত আঞ্চলিকতাবাদী আমি। লুৰিণে মিঞাৰ লগত কম্প্ৰমাইজ কৰিছে- মুখ্যমন্ত্ৰীঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মুক্তাদিৰ হুছেইন, শ্বাহজাহান আৰু কমৰুল নামৰ আন তিনি ড্ৰাগছ ব্যৱসায়ীক। ইয়াৰে মুক্তাদিৰ হুছেইন খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা বৰবিহখিনিৰ মূল্য ৩ কোটিৰো অধিক হ'ব বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে ঘটনা সন্দৰ্ভত কাছাৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰক্ষী-প্ৰশাসনৰ কঠোৰ স্থিতিৰ পিছতো ৰাজ্যত কমা নাই নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা। নিতৌ আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ, গ্ৰেপ্তাৰ হৈছে সৰবৰাহকাৰী। এতিয়া প্ৰশ্ন হৈছে আৰক্ষীৰ জোৰদাৰ অভিযানৰ পিছতো কোনে কেনেকৈ চলাই গৈছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া বেহা? AdvertismentAdvertisment Read the Next Article