Advertisment

কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো। ডেৰাডুনৰ Wild Life Institution of Indiaৰ সহযোগত ৰাজ্য চৰকাৰৰ এই অভিলাষী প্ৰকল্প। ৭০ হেক্টৰ ভূমিৰ ওপৰত নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো। তিনিটা ভাগত নিৰ্মাণ কৰা হ’ব এলিডেটেড কৰিড’ৰটো।

 কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত? Photograph: (DY365)
কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত? Photograph: (DY365)

কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত?


৬২২ কোটি টকীয়া প্ৰকল্পৰ A to Z

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিলে কাজিৰঙাৰ এলিভেটেড ক’ৰিডৰৰ। প্ৰায় ৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ’ব এলিভেটেড ক’ৰিডৰটো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ ভূমি পূজন কৰে মোদীয়ে।

Advertisment


কি কি থাকিব কাজিৰঙাৰ এলিভেটেড কৰিড’ৰত?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো
ডেৰাডুনৰ Wild Life Institution of Indiaৰ সহযোগত ৰাজ্য চৰকাৰৰ এই অভিলাষী প্ৰকল্প
৭০ হেক্টৰ ভূমিৰ ওপৰত নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯টা এনিমেল কৰিড’ৰ সামৰি নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো
তিনিটা ভাগত নিৰ্মাণ কৰা হ’ব এলিডেটেড কৰিড’ৰটো

Also Read: কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজন

এলিভেটেড কৰিড’ৰৰ প্ৰথমটো অংশ নিৰ্মাণ হ’ব কলিয়াবৰৰ ৰাঙলুৰ পৰা দেওপানীলৈ
ৰাঙলুৰ পৰা দেওপানীলৈ দৈৰ্ঘ্য হ’ব ১৮.৮১ কিলোমিটাৰ
দ্বিতীয়টো এলিভেটেড কৰিড’ৰ নিৰ্মাণ হ’ব হাৰমতিৰ পৰা হাতীখুলীলৈ
হাৰমতিৰ পৰা হাতীখুলীলৈ দৈৰ্ঘ্য হ’ব ১১.৪৭৬ কিলোমিটাৰ
তৃতীয়টো এলিভেটেড কৰিড’ৰ নিৰ্মাণ হ’ব পাণবাৰীৰ পৰা বৰজুৰিলৈ
পাণবাৰীৰ পৰা বৰজুৰিলৈ দৈৰ্ঘ্য হ’ব ৪ দশমিক ৯১ কিলোমিটাৰ

Also Read: কেতিয়া লাভ কৰিব PM-KISANৰ ২২ নং কিস্তিৰ ধন?


চাৰিলেনযুক্ত এলিভেটেড কৰিড’ৰত থাকিব ১১ মিটাৰ বহল কেৰিয়েজ ৱে’
২ মিটাৰ বহল চাইকেল চলাচল কৰিব পৰা পথো নিৰ্মাণ হ’ব কৰিড’ৰটোত
কাজিৰঙা এলিভেটেড কৰিড’ৰত থাকিব ১০০ মিটাৰ দীঘল দুটা ভিউ পইণ্ট
ডেৰ মিটাৰ দৈৰ্ঘ্যৰ ফুটপাথো নিৰ্মাণ কৰিব কৰিড’ৰটোত
ভূপৃষ্ঠৰ পৰা ৯ মিটাৰ উচ্চতাত নিৰ্মাণ হ’ব এলিভেটেড কৰিড’ৰটো

Also Read: দ্ৰুতবেগী ৰে'লসেৱাত এক নতুন অধ্যায়


বান্দৰৰ বাবে থাকিব দুখনকৈ ৰছীৰ দলং, থাকিব তিনিটাকৈ সুৰংগ
প্ৰথমটো সুৰংগৰ ২০০ মিটাৰ, দ্বিতীয়টো সুৰংগৰ ১৪০ মিটাৰ আৰু তৃতীয়টো সুৰংগৰ দৈৰ্ঘ্য ৯০ মিটাৰ
মুঠ ৮৫.৬৭৫ কিলোমিটাৰ চাৰিলেনযুক্ত ঘাইপথ প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ৬৯৬৭ কোটি টকা
কলিয়াবৰ নুমলীগড় সংযোগী এই কৰিড’ৰৰ ভূমি অধিগ্ৰহণৰ বাবে ধাৰ্য্য কৰা হৈছে ৬২২ কোটি টকা

Advertisment
Advertisment