Advertisment

জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত

জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত। ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা।

 জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত Photograph: (DY365)
জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত Photograph: (DY365)

জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত


ৰাজ্যিক কেবিনেটত আৰু কি কি সিদ্ধান্ত গ্ৰহণ?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত। ফাষ্ট ট্ৰেক আদালতত চলিব জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ। ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা।

Advertisment

জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰটো দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্রেক আদালত গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত অনুমোদিত কৰা হয় এই সিদ্ধান্ত। 

উল্লেখ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পৰিয়াল, শুভাকাংক্ষী আৰু অজস্ৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ সুবিচাৰৰ দাবী উত্থাপন কৰি আহিছিল। এই দাবীৰ প্ৰতি সহমত প্ৰকাশ কৰি চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰে আৰু অৱশেষত ফাষ্ট ট্রেক আদালত গঠনৰ সিদ্ধান্ত লয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ অধীনত গঠন হ'ব ফাষ্ট ট্ৰেক আদালত। 

Also Read: ভূপেন বৰা চালানী!

আনহাতে গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীক চৰকাৰী চাকৰি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। তৃতীয় বৰ্গত নিযুক্তি দিয়া হ’ব ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক। তিনিচুকীয়া জিলা প্ৰশাসনৰ অধীনত উপাসনা গগৈয়ে লাভ কৰিব চৰকাৰী চাকৰি। নিৰ্বাচনৰ পূৰ্বেই উপাসনা বকলিয়াল গগৈক নিযুক্তিপত্ৰ প্ৰদানৰ সম্ভাৱনা। ৰাজীৱ শদিয়াৰ সংগীত জগতলৈ অৱদানৰ স্বীকৃতিস্বৰূপে এই সিদ্ধান্ত চৰকাৰৰ। 

Advertisment

ইফালে PNRD, MGNREGA, অৰ্থাৎ ASRDM বিভাগৰ ঠিকভিত্তিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটত। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকভিত্তিক কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: ৰশ্মিকা মণ্ডান্নাৰ পাণি গ্ৰহণ কৰিলে বিজয় দেৱৰকোণ্ডাই

আশা কৰ্মীসকলৰ বাবে ৰাজ্যিক কেবিনেটত চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। আশা কৰ্মীসকলৰ বাবে আশা এক্সপ্ৰেছ নামৰ এক নতুন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটত। এই আঁচনিৰ জৰিয়তে আশা কৰ্মীসকলে লাভ কৰিব একো খনকৈ স্কুটী। 

Advertisment
Advertisment