Assameseকৱৰ খান্দি উলিওৱা হ’ল যুৱতীৰ নিথৰ দেহতামাৰহাটৰ বৰজান গাঁৱত নিথৰ দেহক লৈ চাঞ্চল্য। কৱৰ খান্দি উলিওৱা হ’ল যুৱতীৰ নিথৰ দেহ। ২০ ফেব্ৰুৱাৰীত স্বামীগৃহত চৰম সিদ্ধান্ত বাছি লৈছিল মেহনাজ পাৰবিন নামৰ যুৱতীয়ে। গোসাঁইগাঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু যুৱতীগৰাকীৰ। Bandita Saikia Feb 23, 2026 12:02 ISTPhotograph: (DY365)তামাৰহাটৰ বৰজান গাঁৱত এক চাঞ্চল্যকৰ ঘটনাকৱৰ খান্দি উলিওৱা হ’ল যুৱতীৰ নিথৰ দেহতামাৰহাটৰ বৰজান গাঁৱত এক চাঞ্চল্যকৰ ঘটনা। কৱৰ খান্দি উলিওৱা হ’ল যুৱতীৰ নিথৰ দেহ। বৰজান গাঁৱৰ জহৰ আলীৰ কন্যা মেহনাজ পাৰবীন, প্ৰায় ছয় মাহৰ পূৰ্বে ধৰ্মীয় ৰীতি-নীতিৰে কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও থানাৰ অন্তৰ্গত পদ্মবিল গাঁৱৰ নাজিৰ শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু হঠাৎ খবৰ আহে পাৰিবীনে চৰম সিদ্ধান্ত বাছি ল'লে। ২০ ফেব্ৰুৱাৰীত স্বামীগৃহত চৰম সিদ্ধান্ত বাছি ল'লে মেহনাজ পাৰবিন নামৰ যুৱতীয়ে। ঘটনাৰ পিছতেই পৰিয়ালৰ লোকে ততাতৈয়াকৈ যুৱতীকগৰাকীক ভৰ্তি কৰাইছিল চিকিৎসালয়ত। কিন্তু গোসাঁইগাঁৱৰ চিকিত্সালয়ত চিকিৎসাধীন অৱস্থাত যুৱতীগৰাকীৰ মৃত্যু হয়। গোঁসাইগাঁওস্থিত আৰ এন চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছিল যুৱতীগৰাকীক। পিছে যুৱতীগৰাকীৰ চিপ লোৱাৰ বিষয়ে অৱগত কৰোৱা নাছিল আৰক্ষীক। পৰিয়ালৰ লোকে আৰক্ষীক নজনোৱাকৈয়ে ২১ ফেব্ৰুৱাৰীত কৱৰস্থ কৰে মৃতদেহ। এই ঘটনা সন্দৰ্ভত কেৱল চিকিৎসকৰ অনুমতিলৈয়ে যুৱতীৰ পিতৃগৃহৰ লোকে লৈ আহে নিথৰ দেহ। কৱৰ দিয়াৰ ২৪ ঘণ্টাৰ পিছতহে আৰক্ষীক জনায় চিকিৎসকে। চিকিৎসকৰ তথ্যৰ ভিত্তিত দেওবাৰে কৱৰৰ পৰা উলিওৱা হয় মৃতদেহটো। গোলকগঞ্জ চক্ৰবিষয়াৰ উপস্থিতিত মৃতদেহ প্ৰেৰণ কৰা হয় মৰণোত্তৰ পৰীক্ষাৰ বাবে। চিকিৎসকে আৰম্ভণিতে আইনী প্ৰক্ৰিয়াৰ বিষয়ে অৱগত নকৰোৱাক লৈ প্ৰতিক্ৰিয়া অঞ্চলটোত।Advertismentএতিয়া প্ৰশ্ন হয় কি ঘটিছিল পাৰবীনৰ সৈতে? এফালে চিকিৎসকৰ ভুলৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ ভুক্তভোগীৰ। উল্লেখ্য যে চিকিৎসকে আৰক্ষীক নজনাকৈ কাৰ অনুমতিত মৃতদেহ ঘৰলৈ নিয়াৰ অনুমতি দিলে? কিয় চিকিৎসকে সহজ সৰল লোক সকলক ভুল পথে কিয় পৰিচালনা কৰিলে? এই বিষয়ে উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী ভুক্তভোগীৰ। AdvertismentAdvertisment Read the Next Article