Assameseঅভিশপ্ত ৯/১১, ২০০১ৰ আজি ২৪ বছৰ! কাহানিও কল্পনা নকৰা এক ইতিহাসৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব ২৪ বছৰ পূৰ্বে আমেৰিকাৰ ইতিহাসত লিপিৱদ্ধ হৈছিল এই দিনটো ক'লা দিন হিচাপে। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণৰ সাক্ষী হৈ ৰৈছিল বিশ্বৰ শক্তিধৰ দেশ আমেৰিকা। Anindita Kataki Sep 11, 2025 17:26 ISTPhotograph: (file photo)আজি ১১ ছেপ্টেম্বৰ। ২৪ বছৰ পূৰ্বে আমেৰিকাৰ ইতিহাসত লিপিৱদ্ধ হৈছিল এই দিনটো ক'লা দিন হিচাপে। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণৰ সাক্ষী হৈ ৰৈছিল বিশ্বৰ শক্তিধৰ দেশ আমেৰিকা। আমেৰিকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত সন্ত্ৰাসবাদী সংগঠন অলকায়দাই চাৰিটাকৈ স্থানত সংঘটিত কৰিছিল ভয়ংকৰ আক্ৰমণ। যি ঘটনাক সুৱৰি সমগ্ৰ বিশ্ব আজিও শিহৰিত হৈ উঠে। ২০০১ৰ ১১ ছেপ্টেম্বৰৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছিল ২,৯৭৭জন লোকে। আমেৰিকাৰ এই আক্ৰমণৰ বাবে চাৰিখনকৈ যাত্ৰীভৰ্তি বিমান হাইজেক কৰিছিল অলকায়দাই। ১১ ছেপ্টেম্বৰৰ পুৱা নিউয়ৰ্ক চহৰৰ 'ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ'ৰ টুইন টাৱাৰত সন্ত্ৰাসবাদীয়ে বিমান আক্ৰমণ চলাইছিল। পুৱা ৮ বাজি ৪৬ বজাত 'ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ'ৰ নৰ্থ টাৱাৰত প্ৰথমটো বিমান আক্ৰমণ চলাইছিল। ৯ বাজি ৩ মিনিটত 'ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ'ৰ ছাউথ টাৱাৰত দ্বিতীয়টো আক্ৰমণ চলাইছিল। দুয়োটা আক্ৰমণে যাত্ৰীভৰ্তি বিমান দুখনেৰে কৰা হৈছিল। তৃতীয়খন যাত্ৰীভৰ্তি বিমানে খুন্দিয়াছিল পেণ্টাগনত। চতুৰ্থখন যাত্ৰীভৰ্তি বিমান ভূ-পতিত হৈছিল পেঞ্চিল ভেনিয়াত। Advertisment২০০১ চনৰ ১১ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বই এই বিনাশকাৰী আক্ৰমণ স্বচক্ষে প্ৰত্যক্ষ কৰিছিল। আৰু এই ঘটনাই আমেৰিকাৰ ইতিহাসৰ পটভূমি সলনি কৰি দিছিল। সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছে সমগ্ৰ বিশ্বক সম্বোধন কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। আৰু কৈছিল সন্ত্ৰাসবাদ নিঃশেষ কৰাটোৱে হৈছে আমেৰিকাৰ প্ৰধান লক্ষ্য। ১১ ছেপ্টেম্বৰত আক্ৰমণৰ সময়ত 'ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ'ৰ দুয়োটা টাৱাৰত প্ৰায় ১৬ৰ পৰা ১৮ হাজাৰ লোক আছিল। সন্ত্ৰাসবাদীৰ ৯/১১ৰ এই বিভীষিকাময় আক্ৰমণত মৃত্যু হৈছিল ২৯৭৭ জন লোকৰ। 'ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ'ত ২,৬০৬জন, পেণ্টাগনত ১২৫জন লোক নিহত হৈছিল। চাৰিখন বিমানৰ যাত্ৰীৰ সংখ্যা আছিল ২৬৫জন আৰু এই আক্ৰমণৰ বাবে নিউয়ৰ্ক চহৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাজনো কৰ্মচাৰীৰ লগতে বিষয়াও মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহতৰ সংখ্যা আছিল ৬ হাজাৰৰো অধিক। Read the Next Article