AssameseAIUDF ৰ তিনিগৰাকী বিধায়কে ৰাজ্যৰ ৰাজনীতিত ঘটালে আচৰিত ঘটনা!ৰাজ্যসভা নিৰ্বাচনৰ বাবে এনডিএৰ প্ৰাৰ্থী তথা ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। কিন্তু সকলোকে আচৰিত কৰি প্ৰমোদ বড়োৰ সমৰ্থনত আগবাঢ়ি আহিছে এআইইউডিএফৰ তিনিগৰাকীকৈ বিধায়ক।Estafur Rahman Mar 05, 2026 21:34 ISTPhotograph: (northeast now)AIUDF ৰ তিনিগৰাকী বিধায়কে ৰাজ্যৰ ৰাজনীতিত ঘটালে আচৰিত ঘটনা!Also Read....যোৰহাটত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব নেকি পবিত্ৰ মাৰ্ঘেৰিটা?Advertismentৰাজ্যসভা নিৰ্বাচনৰ বাবে এনডিএৰ প্ৰাৰ্থী তথা ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে। কিন্তু সকলোকে আচৰিত কৰি প্ৰমোদ বড়োৰ সমৰ্থনত আগবাঢ়ি আহিছে এআইইউডিএফৰ তিনিগৰাকীকৈ বিধায়ক। বিজেপিৰ দুজন প্ৰাৰ্থীৰ সৈতে প্ৰমোদ বড়োৱে বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে। মনোনয়নৰ নিয়ম অনুসৰি এজন প্ৰাৰ্থীক অন্ততঃ ২০গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হয় আৰু প্ৰমোদ বড়োৰ সমৰ্থনকাৰীৰ তালিকাত এআইইউডিএফৰ বিধায়কৰ নাম থকাটোৱে এতিয়া ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ সৃষ্টি কৰিছে।খবৰ অনুসৰি, এআইইউডিএফৰ যি তিনিগৰাকী বিধায়কে প্ৰমোদ বড়োক সমৰ্থন জনাই স্বাক্ষৰ কৰিছে তেওঁলোক হ’ল কৰিম উদ্দিন বৰভূঞা, নিজাম উদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰ। ইয়াৰ ভিতৰত আটাইতকৈ আচৰিত হ'বলগীয়া কথাটো হ’ল কৰিম উদ্দিন বৰভূঞাই প্ৰমোদ বড়োক সমৰ্থন জনোৱাৰ পাছতেই বৃহস্পতিবাৰে এআইইউডিএফ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। Also Read...বহিঃৰাগতৰ দাদাগিৰি!বদৰুদ্দিন আজমলৰ নেতৃত্বত থকা এআইইউডিএফৰ বিধায়কে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন জনোৱা কথাটোৱে ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। দলটোৰ নিজৰ বিধায়কেই চৰকাৰী পক্ষৰ প্ৰাৰ্থীক সমৰ্থন কৰাত অসমৰ ৰাজনৈতিক সমীকৰণ সম্পূৰ্ণ সলনি হৈ পৰিছে। প্ৰমোদ বড়োৱে অলপতে বিটিচি নিৰ্বাচনত হাগ্রামা মহিলাৰীৰ হাতত পৰাজয়বৰণ কৰিছিল যদিও তেওঁ এতিয়াও ৰাজ্যত বিজেপিৰ এজন অতি ঘনিষ্ঠ সহযোগী হৈ আছে।AdvertismentAlso Read...উভতি নহাৰ বাটেৰে গুচি গ'ল তিনি বন্ধু Read More AdvertismentAdvertisment Read the Next Article