Advertisment

বহিঃৰাগতৰ দাদাগিৰি!

পুনৰ অসমতে অসমীয়া খিলঞ্জীয়াৰ প্ৰতি আহিছে নেকি ভাবুকি?বহিঃৰাগতৰ পৰা সুৰক্ষিত নহয় অসমৰ ভূমিপুত্ৰ, খিলঞ্জীয়া!বহিঃৰাজ্যৰ দুজন লোকে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন।

বহিঃৰাগতৰ দাদাগিৰি!


বটলেৰে মূৰত আঘাত কেশৱ গগৈক!


পুনৰ অসমতে অসমীয়া খিলঞ্জীয়াৰ প্ৰতি আহিছে নেকি ভাবুকি?বহিঃৰাগতৰ পৰা সুৰক্ষিত নহয় অসমৰ ভূমিপুত্ৰ, খিলঞ্জীয়া!বহিঃৰাজ্যৰ দুজন লোকে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন।

Advertisment

Also Read: উভতি নহাৰ বাটেৰে গুচি গ'ল তিনি বন্ধু

খিলঞ্জীয়াক আক্ৰমণ বহিঃৰাগতৰ!শিৱসাগৰৰ আমগুৰিত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। বহিঃৰাগত লোকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন। আমগুৰিৰ লাদৈ গড় মিচিং গাঁৱৰ সমীপত নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

Also Read: যোৰহাটত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব নেকি পবিত্ৰ মাৰ্ঘেৰিটা?

ঘটনা অনুসৰি হালোৱাটিং জকাই পদুলী গাঁৱৰ কেশৱ গগৈ নামৰ এজন লোকক বহিঃৰাগত দুজন লোকে আক্ৰমণ কৰাৰ অভিযোগ। হাৰিয়া না আৰু উত্তৰ প্ৰদেশৰ জাহাংগীৰ আলম আৰু ৱাজিদ গুজ্জৰ নামৰ দুজন লোকে কেশৱ গগৈক আক্ৰমণ কৰাৰ অভিযোগ। অভিযোগ মতে-কেশৱ গগৈক পিছফালৰ পৰা বটলেৰে মূৰত আক্ৰমণ কৰে জাহাংগীৰ আৰু ৱাজিদ গুজ্জৰে। কেশৱ গগৈক বটলেৰে মূৰত আক্ৰমণ কৰাৰ উপৰি মুখমণ্ডলৰ লগতে সমগ্ৰ শৰীৰত উপৰ্যুপৰি আক্ৰমণ কৰে এই দুই বহিঃৰাগতই। 

Advertisment

Also Read: ৰাজ্যসভালৈ নীতিশ কুমাৰ, দুটা দশকৰ পাছত বিহাৰে পাব নতুন মুখ্য়মন্ত্ৰী!

ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত দুই অভিযুক্ত জাহাংগীৰ আলম আৰু ৱাজিদ গুজ্জৰক আটক কৰিবলৈ সক্ষম হয়। ইফালে সংকটজনক অৱস্থাত কেশৱ গগৈক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। স্থানীয় দল-সংগঠনে সমগ্ৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে।

Advertisment
Advertisment