Assameseযোৰহাটত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব নেকি পবিত্ৰ মাৰ্ঘেৰিটা?যদি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকেই বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে, তেন্তে যোৰহাটত দেখা যাব দুগৰাকী প্ৰভাৱশালী যুৱ নেতাৰ মাজত হাই-প্রফাইল যুঁজ।Estafur Rahman Mar 05, 2026 20:28 ISTPhotograph: (dy365)যোৰহাটত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব নেকি পবিত্ৰ মাৰ্ঘেৰিটা?AdvertismentAlso Read...কানাডাত ভাৰতীয় এগৰাকী ইউটিউবাৰক হানি-খুচি হত্যা!অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। চাৰিওফালে এতিয়া নিৰ্বাচনী বতাহ বলিছে। সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। শাসক- বিৰোাধীয়ে কঁকালত টঙালি বান্ধি নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। তাৰ মাজতেই কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব আগবঢ়াব তাক লৈ চৰ্চা চলি থকাৰ মাজতেই যোৰহাট সমষ্টি হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিৰ আকৰ্ষণৰ কেন্দ্ৰ। উল্লেখ্যে যে, অসম কংগ্ৰেছে ইতিমধ্যে প্ৰথমখন প্ৰাৰ্থী তালিকাৰ ৪২গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। প্ৰথমখন প্ৰাৰ্থী তালিকাত যোৰহাটৰ পৰা অসম প্ৰদেশ কংগ্ৰছৰ সভাপতি তথা সাসংদ গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চূড়ান্ত হৈছে। যোৰহাটাৰ পৰা গৌৰৱ গগৈৰ নাম ওলোৱাৰ পিছতেই বিজেপিৰ বৰঘৰত চলিছে যোৰহাটক লৈ ৰণনীতি। গৌৰৱৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব, তাকে লৈ ৰাজনৈতিক মহলত চলিছে ব্যাপক আলোচনা। সম্প্ৰতি সমষ্টিটোৰ বাবে চৰ্চাৰ মধ্যমণি হৈ পৰিছে কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম। সমষ্টিটোত পবিত্ৰ মাৰ্ঘেৰিটা গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী হ’ব পাৰে বুলি ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। যদিও বিজেপিৰ ফালৰ পৰা এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপি মাৰ্ঘেৰিটাৰ শেহতীয়া পদক্ষেপ আৰু সমষ্টিটোত তেওঁ চলাই থকা তৎপৰতাই ৰাজনৈতিক মহলত কৌতূহল বৃদ্ধি কৰিছে।Also Read...উভতি নহাৰ বাটেৰে গুচি গ'ল তিনি বন্ধুযদি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাকেই বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে, তেন্তে যোৰহাটত দেখা যাব দুগৰাকী প্ৰভাৱশালী যুৱ নেতাৰ মাজত হাই-প্রফাইল যুঁজ। ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা নিজৰ নাম কৰ্তন কৰি যোৰহাটৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটাৰ এনে শেহতীয়া পদক্ষেপে যোৰহাট তথা ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ আৰু অধিক গৰম কৰি তুলিছে। এতিয়া সকলোৰে দৃষ্টি বিজেপিৰ চূড়ান্ত সিদ্ধান্তৰ দিশে নিবদ্ধ হৈ আছে। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১১ মাৰ্চৰ পাছত বিজেপিৰ প্ৰাৰ্থী-তালিকা প্ৰকাশ পাব বুলি মন্তব্য কৰিছে। যদি পবিত্ৰ মাৰ্ঘেৰিটা যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হয়, তেন্তে যোৰহাটৰে সাংসদ গৌৰৱ গগৈয়ে কিদৰে এই যুঁজত অৱতীৰ্ণ হয় সেয়া হ’ব লক্ষণীয়।AdvertismentAlso Read...ধেমাজিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা Read More AdvertismentAdvertisment Read the Next Article