Advertisment

ধেমাজিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা

ধেমাজিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। গোগামুখৰ পৰা আৰম্ভ হয় এই জন আশীৰ্বাদ যাত্ৰা। এই জন আশীৰ্বাদ যাত্ৰাই সামৰি লয় ধেমাজিৰ তিনিটা সমষ্টি ক্ৰমে ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিক। এই যাত্ৰাৰ সময়ত বিভিন্ন স্থানত উপস্থিত ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীৰ। 

 ধেমাজিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা Photograph: (DY365)
ধেমাজিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা Photograph: (DY365)

ধেমাজিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা

ফাকুৱাৰ বাবে দুটা দিনৰ বিৰতিৰ অন্তত বৃহস্পতিবাৰে ধেমাজিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। ধেমাজিৰ গোগামুখৰ পৰা আৰম্ভ হয় এই জন আশীৰ্বাদ যাত্ৰা। এই জন আশীৰ্বাদ যাত্ৰাই সামৰি লয় ধেমাজিৰ তিনিটা সমষ্টি ক্ৰমে ধেমাজি, চিচিবৰগাঁও আৰু জোনাই সমষ্টিক। এই যাত্ৰাৰ সময়ত বিভিন্ন স্থানত উপস্থিত ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Advertisment

Also Read: ৰাজ্যসভালৈ নীতিশ কুমাৰ, দুটা দশকৰ পাছত বিহাৰে পাব নতুন মুখ্য়মন্ত্ৰী!

বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে গৈ ধেমাজিৰ সোৱণশিৰি মহাবিদ্যালয় খেলপথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পিছতেই গোগামুখৰ পৰা আৰম্ভ হয় জন আশীৰ্বাদ যাত্ৰা। এই যাত্ৰাত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ নেতৃবন্দই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গোগামুখত উপস্থিত হোৱাৰ পিছতেই বিশালকায় দুপাহ পদুম ফুলেৰে মুখ্যমন্ত্ৰীক আদৰণি জনায় বিজেপি কৰ্মীসকলে । 

এই জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীক এবাৰ কাষৰ পৰা চোৱাৰ বাবে বৃহস্পতিবাৰে পুৱাৰে পৰা ঘাইপথৰ কাষত ভিৰ কৰিছিল কেইবা সহস্ৰাধিক লোকে। 

Advertisment

Also Read: পত্নীৰ অপমান সহ্য কৰিব নোৱাৰি স্বামীয়ে বাচি ল'লে চৰম পন্থা

শনিবাৰে ঢেকীয়াজুলিৰ পৰা আৰম্ভ হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ জন আশীৰ্বাদ যাত্ৰা। প্ৰথম তিনিটা দিনত ১৪টা বিধানসভা সমষ্টি সামৰি লৈছিল মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰাই। প্ৰথমদিনা ঢেকীয়াজুলি, তেজপুৰ, বৰছলা, নদুৱাৰ, ৰঙাপৰা, দ্বিতীয় দিনা জাগীৰোড, মৰিগাঁও, ৰহা, নগাঁও, বঢ়মপুৰ আৰু তৃতীয় দিনা গহপুৰ, বিহপুৰীয়া, ৰঙানদী, নাওবৈচাক সামৰি লৈছিল জন আশীৰ্বাদ যাত্ৰাই। ৰঙৰ উছৱ ফাকুৱাৰ বাবে যোৱা দুটা দিন বিৰতিৰ পিছত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হয় জন আশীৰ্বাদ যাত্ৰা। ৯ মাৰ্চত অন্ত পৰিব প্ৰথম পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰা।

Advertisment
Advertisment