Assameseশনিবাৰৰ পৰা আৰম্ভ হ'ল ৰাজ্যিক বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ শনিবাৰৰ পৰা অসম বিজেপিয়ে আৰম্ভ কৰিলে ‘জন আশীৰ্বাদ যাত্ৰা’। ৰাজ্যৰ জনগণৰ মাজত সংযোগ স্থাপন আৰু সমৰ্থন আদায়ৰ বাবে ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে এই কাৰ্যসূচী। Estafur Rahman Feb 28, 2026 17:14 ISTPhotograph: (google)শনিবাৰৰ পৰা আৰম্ভ হ'ল ৰাজ্যিক বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’Also Read......বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি!অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসক-বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। ভোটাৰৰ মন আকৰ্ষণ কৰা লক্ষ্যৰে সমষ্টিয়ে সমষ্টিয় চলিছে এতিয়া নিৰ্বাচনী প্ৰচাৰ। শনিবাৰৰ পৰা অসম বিজেপিয়ে আৰম্ভ কৰিলে ‘জন আশীৰ্বাদ যাত্ৰা’। ৰাজ্যৰ জনগণৰ মাজত সংযোগ স্থাপন আৰু সমৰ্থন আদায়ৰ বাবে ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে এই কাৰ্যসূচী। ঢেকীয়াজুলিত এই যাত্ৰাৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। ‘জন আশীৰ্বাদ যাত্ৰা’ত অংশগ্ৰহণৰ পূৰ্বে গুপ্তেশ্বৰ মন্দিৰত পূজা-অচৰ্না কৰে মুখ্যমন্ত্ৰীয়ে। এই আশীৰ্বাদ যাত্ৰাৰ প্ৰথম দিনটোতেই সামৰি লয় ঢেকিয়াজুলীৰ লগতে বৰচলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ সমষ্টি।Advertismentবিগত সময়ছোৱাত চৰকাৰখনক সহযোগ কৰাৰ বাবে অসমবাসীক কৃতজ্ঞতাও জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। নিজ বৰছলাৰ পৰা ডুমডুমা চেণ্টাৰলৈ ‘জন আশীৰ্বাদ যাত্ৰা’কৰি চিৰাজুলি হৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ঢেকীয়াজুলি চহৰলৈ ঘূৰি আহে । তাৰ পাছত বৰছলা সমষ্টিলৈ ‘জন আশীৰ্বাদ যাত্ৰা’আৰম্ভ কৰে ৷ বিজেপিৰ মতে, জন আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে নাগৰিকৰ সৈতে সংযোগ স্থাপন কৰি জনতাৰ আশীৰ্বাদ লাভ কৰা। বিগত সময়ছোৱাত অসমত হোৱা উন্নয়ন আৰু সফলতাৰ বিষয়ে জনতাৰ মাজত সঁচা তথ্য প্ৰচাৰ কৰাও অন্যতম উদ্দেশ্য। প্ৰথম পৰ্যায়ত যাত্ৰাপথৰ সকলো অঞ্চলত প্ৰায় লাখৰো অধিক মানুহৰ লগত সংযোগ স্থাপন কৰাৰ উদ্দেশ্যেৰে আজিৰে পৰা আৰম্ভ হৈছে জন আশীৰ্বাদ যাত্ৰা।Also Read...বীৰ লাচিত সেনাৰ তিনি সদস্য আৰক্ষীৰ জালত১ মাৰ্চত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব জাগীৰোডৰ পৰা। দ্বিতীয় দিনটোত বিজেপিৰ নেতৃত্বই জনতা জনাৰ্দনৰ পৰা আশীৰ্বাদ বিচাৰি যাব জাগীৰোডৰ লগতে লাহৰিঘাট, মৰিগাঁও, ৰহা, পুৰণিগুদাম আৰু বঢ়মপুৰ সমষ্টিলৈ। ২মাৰ্চত সেই যাত্ৰা আৰম্ভ হ'ব গহপুৰৰ কল্যানী মন্দিৰৰ পৰা। তাৰপাছত বিহপুৰীয়া, নাৰায়ণপুৰ, ঢলপুৰ, ৰঙানদী পাবগৈ বিজেপিৰ নেতৃত্ব। ৯ মাৰ্চলৈকে চলিব এই ‘জন আশীৰ্বাদ যাত্ৰা’। Also Read...অৱশেষত দোষমুক্ত অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়ামানুহৰ মাজে মাজে এতিয়া ঘূৰিছে নেতা। সমান্তৰালভাৱে সময়ৰ পৰিৱৰ্তনৰ যাত্ৰা কৰি উজনি অসমত ইয়াক আৰু অধিক তীব্ৰতৰ কৰি তুলিছে গৌৰৱ বাহিনীয়ে। এই জন জাগৰণ আৰু পৰিৱৰ্তনকামী যাত্ৰাই কংগ্ৰেছ-বিজেপিক হয়তো মানুহৰ মাজলৈ লৈ যোৱাত সহায় কৰিব। শেহতীয়াকৈ এনে জনসম্পৰ্ক ৰক্ষাৰে নিৰ্বাচনী যুঁজখন দুয়ো পক্ষই আকৰ্ষণীয় কৰি তুলিছে। সমান্তৰালভাৱে চলিছে ইখনৰ পাছত সিখন আঁচনি, হিতাধিকাৰীৰ মাজত ধন বিতৰণৰ কাৰ্যসূচী। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজৰি নোলোৱাকৈ ৰাজ্যৰ প্ৰায়বোৰ সমষ্টি ঘূৰাৰ কাৰণে সাজু হৈছে।AdvertismentAdvertismentAdvertisment Read the Next Article