Assameseঅৱশেষত দোষমুক্ত অৰবিন্দ কেজৰিৱাল আৰু মনীষ চিছ’দিয়াদিল্লীৰ বহু চৰ্চিত আবকাৰী বা সুৰা নীতিৰ গোচৰত আম আদমী পাৰ্টীৰ দুই শীৰ্ষ নেতাই পালে ডাঙৰ সকাহ । ৰাউজ এভিনিউ আদালতে শুকুবাৰে প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ চিছ’দিয়াক দোষমুক্ত কৰাৰ নির্দেশ দিয়ে ।Estafur Rahman Feb 27, 2026 15:37 ISTPhotograph: (NATIONAL MEDIA)দিল্লীৰ বহু চৰ্চিত আবকাৰী বা সুৰা নীতিৰ গোচৰত আম আদমী পাৰ্টীৰ দুই শীৰ্ষ নেতাই পালে ডাঙৰ সকাহ। AdvertismentAlso Read....টি-২০ বিশ্বকাপৰ মাজতে পিতৃহাৰা হ’ল ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিংনতুন দিল্লীৰ ৰাউজ এভিনিউ আদালতে শুকুবাৰে প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ চিছ’দিয়া দুয়োজনকে দোষমুক্ত কৰাৰ নির্দেশ দিয়ে ৷ আবকাৰী নীতি গোচৰত মুক্ত হোৱাৰ পিছতে কান্দোনত ভাগি পৰিল অৰবিন্দ কেজৰিৱাল। শুকুবাৰে কেজৰিৱাল আৰু মনীষ চিছ’দিয়াক গোচৰটোৰ পৰা মুক্ত কৰিলে দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টে। অভিযুক্তৰ সপক্ষে উপযুক্ত তথ্য প্রমাণ দিয়াত চিবিআই ব্যর্থ হৈছে বুলি বক্তব্য নিম্ন আদালতৰ। অভিযোগৰ সপক্ষে তথ্য প্ৰমাণ দিব নোৱাৰিলে চৰকাৰী তদন্তকাৰী সংস্থাৰ ওপৰত জনতাৰ আস্থা কমি যায় বুলিও কয় নিম্ন আদালতৰ বিচাৰপতি জীতেন্দ্ৰ সিঙে। কেজৰিৱাল আৰু চিছ’দিয়াসহ ২১জনক গোচৰটোৰ পৰা মুক্ত কৰে আদালতে।AdvertismentAlso Read...কাছাৰৰ সোণাইত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা..দিল্লীত ২০২৫ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই আবকাৰী গোচৰৰ তদন্ত কৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আম আদমী পাৰ্টিক বিপৰ্যস্ত কৰিছিল। প্ৰথমে উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক গ্ৰেপ্তাৰ কৰি তিহাৰ জে'লত ৰখা হৈছিল। ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হয়। জামিন মঞ্জুৰ হ’লেও তেওঁ মুখ্যমন্ত্ৰীৰ পদত বহিব নোৱাৰিব বুলি আদালতে নিৰ্দেশ দিছিল। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এই গোচৰটোক বিজেপিয়ে কেজৰিৱালক দুৰ্নীতিগ্ৰস্ত বুলি অভিযোগ তুলি ধৰিছিল। দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে এই ঘটনাক লৈ চলাইছিল প্ৰচাৰ। ইয়াৰ পিছত দিল্লীৰ নিৰ্বাচনত আম আদমী পাৰ্টী বেয়াকৈ পৰাস্ত হয়। কিন্তু শুকুৰবাৰে আদালতে স্পষ্ট কৰি দিয়ে যে ইডি বা চিবিআইয়েও দুৰ্নীতিৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ দিব নোৱাৰিলে।AdvertismentAlso Read...জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্তএই ৰায়ক ৰাজনৈতিক মহলে আম আদমী পাৰ্টীৰ বাবে এক ডাঙৰ ৰাজনৈতিক জয় বুলি গণ্য কৰিছে। একে সময়তে দিল্লীৰ ৰাজনীতিত সুৰা নীতিৰ বিতৰ্কত গুৰুত্বপূৰ্ণ টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হৈছে।AdvertismentAdvertisment Read the Next Article