Assameseকাছাৰৰ সোণাইত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা..কাছাৰ জিলাৰ সোণাইৰ বেৰাবাক তৃতীয় খণ্ড গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পিতৃ পৰিয়ালৰ অভিযোগ স্বামীৰ পৰকীয়া প্ৰেমৰ বলি হ’বলগীয়া হৈছে দুৰ্ভগীয়া মহিলাগৰাকী। Estafur Rahman Feb 27, 2026 13:09 ISTPhotograph: (DY365)কাছাৰৰ সোণাইত বোৱাৰীৰ ৰহস্যজনক মৃত্যুAlso Read.....ভূপেন বৰা চালানী!কাছাৰ জিলাৰ সোণাইৰ বেৰাবাক তৃতীয় খণ্ড গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃত মহিলাগৰাকী সোমা চন্দ বুলি চিনাক্ত কৰা হৈছে। সোমাৰ পিতৃ পৰিয়ালৰ অভিযোগ অনুসৰি- স্বামীৰ পৰকীয়া প্ৰেমৰ বলি হ’বলগীয়া হৈছে দুৰ্ভগীয়া মহিলাগৰাকী। Advertisment​​জানিব পৰা মতে, কেইবছৰমান পূৰ্বে কাছাৰৰ আমৰাঘাটৰ গংগানগৰৰ সোমা চন্দৰ বিবাহ হৈছিল ৰাজু শীলৰ সৈতে। তেওঁলোকৰ এটা পুত্ৰ সন্তানো আছে। কিন্তু অভিযোগ উঠিছে যে, দীৰ্ঘদিন ধৰি তেওঁলোকৰ দাম্পত্য জীৱনত সংঘাত চলি আছিল। ​বৃহস্পতিবাৰে পুৱা নিজ গৃহৰ ভিতৰতে সোমা চন্দৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। Also Read...ৰশ্মিকা মণ্ডান্নাৰ পাণি গ্ৰহণ কৰিলে বিজয় দেৱৰকোণ্ডাইতাৰপাছতেই ঘটনাস্থলীত সোণাই আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ইপিনে মৃত ​বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে এই মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। তেওঁলোকৰ মতে, স্বামী ৰাজু শীলৰ আন এগৰাকী মহিলাৰ সৈতে আছে অবৈধ প্ৰেমৰ সম্পৰ্ক। ​এই সম্পৰ্কক লৈ প্ৰায়েই সোমাক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছিল স্বামী ৰাজু শীলে । ​তাৰেই পৰিণতিতে সোমাক হত্যা কৰা হৈছে বুলি পৰিয়ালৰলোকে অভিযোগ উত্থাপন কৰে। Also Read...ভাগিনৰ হাতত প্ৰাণ গ'ল মোমায়েকৰ !বৰ্তমানলৈকে এই ঘটনা আত্মহত্যা নে এক পৰিকল্পিত হত্যাকাণ্ড এতিয়াও ৰহস্যৰ আৱৰ্তত। সমগ্ৰ ঘটনা লৈ মৃতকৰ পৰিয়ালে আৰক্ষী চকীত দাখিল কৰে এজাহাৰ । এজাহৰৰ পিছতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।AdvertismentAdvertismentAdvertisment Read the Next Article