Assameseকাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু ! ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা কাছাৰত...ৰাজ্যত পুনৰ কাৰাগাৰত কয়দীৰ ৰহস্যজনৰ মৃত্যু। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। বৃহস্পতিবাৰে নিশা কাছাৰৰ ডলু চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। Estafur Rahman Feb 13, 2026 14:15 ISTপুনৰ কাৰাগাৰত কয়দীৰ ৰহস্যজনৰ মৃত্যু। কয়দীৰ ৰহস্যজনৰ মৃত্যুক কেন্দ্ৰ কৰি কাছাৰৰ ডলু চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতি।AdvertismentAlso Read......প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এখন বিশেষ পত্ৰকাছাৰৰ কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু। কয়দীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি ক্ষোভিত স্থানীয় ৰাইজ আৰু পৰিয়াল। কোনোপধ্যেই মৃতদেহ চমজি লবলৈ মান্তি নহয় পৰিয়ালৰ লোক। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ মোতায়েন কৰা হয় আৰক্ষীৰ বিশাল বাহিনী। Also Read....প্ৰথম পোহৰ দেখিছে এখন গাঁৱৰ বাসিন্দাইঘটনা অনুসৰি, সোমবাৰে কাছাৰৰ দালতডলু চাহ বাগিচাৰ ৰাজেশ মিৰ্দা নামৰ এজন চাহ শ্ৰমিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ৰাজেশ মিৰ্দাৰ বিৰুদ্ধে বিদ্যুৎ চুৰিৰ গোচৰত আদালতত হাজিৰ নোহোৱাৰ বাবেই আদালতে অভিযুক্তৰ বিৰুদ্ধে জাৰি কৰিছিল Non-Bailable Warrantt ৷ আদালতৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে অভিযুক্ত চাহ শ্ৰমিক ৰাজেশ মিৰ্দাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছিল। আদালতৰ নিৰ্দেশত অভিযুক্তক প্ৰেৰণ কৰা হৈছিল জেল-হাজোতলৈ। কিন্তু বৃহস্পতিবাৰে নিশা জেল-হাজোতত থকা ৰাজেশ মিৰ্দাৰ ৰহস্যজনকভাৱে মৃত্যু হয়। ৰাজেশ মিৰ্দাৰ ৰহস্যজনক মৃত্যুৰ পিছতেই আৰক্ষীয়ে নিশা পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিবলৈ যাওঁতেই সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।Also Read....জাগীৰোডত ১২ কোটি টকীয়া মিনি ষ্টেডিয়ামৰ শুভ উদ্বোধনৰাজেশ মিৰ্দাৰ মৃতদেহ দেখি উত্তেজিত হৈ পৰে পৰিয়ালৰ লোক সহ স্থানীয় বাগানীয়া লোকসকল। মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ দি বাগিচাৰ লোকসকলে আৰম্ভ কৰে প্ৰতিবাদ। তাৰপিছতেই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষীৰ বিশাল বাহিনী৷ আৰক্ষীৰ বিশাল বাহিনীৰ দল উপস্থিত হোৱাৰ পিছতেই পৰিস্থিতি আৰু অধিক উত্তেজিত হৈ পৰে। খবৰ অনুসৰি, বৰ্তমানলৈকে পৰিয়ালৰ লোকে চমজি লোৱা নাই মৃতদেহ। পৰিয়ালৰ লোকৰ দাবী, আৰক্ষীয়ে যেনেদৰে ঘৰৰ পৰা লৈ গৈছিল ৰাজেশ মিৰ্দাক আমাক তেনেদৰে ঘুৰাই দিব লাগিব। আমি কোনো কাৰণতে মৃতদেহ চমজি নলও বুলিও হুংকাৰ প্ৰদান কৰে। AdvertismentAlso Read....জয় শ্ৰীৰাম শ্ল’গানেৰে বজৰং দলে এফালৰ পৰা ভাঙি গ'ল মিঞাৰ মাছৰ দোকান!সমগ্ৰ ঘটনা সন্দৰ্ভত কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে কৰা মন্তব্য অনুসৰি, জেল হাজোতত থকা সময়তেই অভিযুক্ত ৰাজেশ মিৰ্দা অসুস্থ হৈ পৰে। ততাতৈয়াকৈ লোকজনক জেল কৰ্তৃপক্ষই শিলচৰ মেডিকেল কলেজলৈ লৈ আনে যদিও চিকিৎসাধীন অৱস্থাত ৰাজেশ মিৰ্দাৰ মৃত্যু হয়। ইতিমধ্যে সমগ্ৰ ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কি কাৰণত ৰাজেশ মিৰ্দাৰ মৃত্যু হল সেইয়া আৰক্ষীৰ সঠিক তদন্ততহে এতিয়া পোহৰলৈ আহিব । AdvertismentAdvertisment Read the Next Article